
গোসাইগাঁৱৰ শ্ৰীৰামপুৰত নিশা আৰক্ষীৰ বৃহৎ অভিযান। নাকা তলাচীত বৃহৎ পৰিমাণৰ গাঞ্জাসহ জব্দ ১০ চকীয়া ট্ৰাক জব্দ ।ট্ৰাকৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ ২ কুইণ্টল ৭০ কেজি গাঞ্জা। উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য ২ কোটি টকাতকৈও অধিক। ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ ৩ সদস্যক আটক কৰিলে আৰক্ষীয়ে।
ৰাজ্যত অব্যাহত আছে ড্ৰাগছ আৰু নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ তীব্ৰ অভিযান। গোসাইগাঁৱৰ শ্ৰীৰামপুৰত আৰক্ষীয়ে লাভ কৰিছে এক বৃহৎ সাফল্য। এক গোপন সূত্ৰৰ পম খেদি নিশা শ্ৰীৰামপুৰত চলোৱা নাকা তলাচীত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা।অভিযানৰ সময়ত আৰক্ষীয়ে UP-42-AT-7987 নম্বৰৰ এখন ১০ চকীয়া ট্ৰাক আটক কৰে। প্ৰথম অৱস্থাত ট্ৰাকখন স্বাভাৱিক যেন লাগিছিল যদিও আৰক্ষীৰ সন্দেহ ওপজাত চলোৱা তন্ন তন্ন তালাচীত ওলাই পৰে আচল ৰূপ। ট্ৰাকখনত অতি চতুৰতাৰে নিৰ্মাণ কৰা হৈছিল এটা গোপন চেম্বাৰ।

আৰক্ষীয়ে সেই গোপন চেম্বাৰৰ পৰা ৫১ টা গাঞ্জাৰ পেকেট উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ওজন কৰাত উদ্ধাৰ হোৱা গাঞ্জাখিনিৰ মুঠ পৰিমাণ ২ কুইণ্টল ৭০ কেজি বুলি জানিব পৰা গৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই গাঞ্জাখিনিৰ মূল্য প্ৰায় ২ কোটিৰো অধিক টকা হ’ব বুলি অনুমান কৰা হৈছে। এই ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত আৰক্ষীয়ে তিনিজন গাঞ্জা সৰবৰাহকাৰীক আটক কৰিছে।
ধৃত সৰবৰাহকাৰী কেইজন হ’ল উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বাসিন্দা ধৰ্মেন্দ্ৰ সিং যাদৱ আৰু মেনেজাৰ সিং যাদৱ। আনহাতে তৃতীয়জন সৰবৰাহকাৰী উত্তৰ প্ৰদেশৰ ডাউকিলৰ বাসিন্দা আনন্দৰাম যাদৱ বুলি চিনাক্ত কৰা হৈছে।













