
সমগ্ৰ দেশৰ বিৰোধী দলসমূহৰ এতিয়া মাত্ৰ এটাই দাবী, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ তদন্তমূলক প্ৰতিবেদনক লৈ ৰাষ্ট্ৰীয় ৰাজনীতিত তোলপাৰ লাগি আছে। শুকুৰবাৰে বিভিন্ন ৰাজ্যত ৰাজপথলৈ ওলাই আহিল কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলৰ নেতা-সমৰ্থক।
এই সম্পৰ্কীয় প্ৰতিবেদনত অভিযোগ কৰা হৈছিল যে দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে সকলো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ বিষয়ত দুই নিৰ্বাচন আয়ুক্ত সুখবীৰ সিং সান্ধু আৰু বিবেক যোশীক অন্ধকাৰত ৰাখিছিল। ভোটাৰ তালিকাৰ স্বচ্ছতা বজাই ৰখা আৰু এছ আই আৰৰ পিছত ভোটাৰৰ নাম বাদ দিয়া আৰু সংযোজন কৰা সম্পৰ্কীয় কেইবাটাও বিষয়ত সান্ধু আৰু যোশীয়ে আপত্তি উত্থাপন কৰিছিল। ইয়াৰ পিছত ৰাহুল গান্ধীয়ে সংবাদমেলত এই দুৰ্নীতিৰ বিৰোধিতা কৰি জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী জনায়।
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত শুকুৰবাৰৰ পৰা সমগ্ৰ দেশতে প্ৰতিবাদ আৰম্ভ হয়। দিল্লীত কংগ্ৰেছ সমৰ্থকৰ এটা দলে বেৰিকেড ভাঙি নিৰ্বাচন আয়ুক্তৰ কাৰ্যালয়ৰ ফালে আগবাঢ়িবলৈ চেষ্টা কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কেইবাজনো কংগ্ৰেছ কৰ্মীক আটক কৰে। ইয়াৰ উপৰি যোগেন্দ্ৰ যাদৱ, আইছাৰ নেতা নেহা বৰা, অঞ্জলি ভৰদ্বাজ আৰু দিপাংকৰ ভট্টাচাৰ্যকো দিনৰ ২ বজাৰ পিছত আটক কৰি ৰখা হয়। দিল্লী আৰক্ষীয়ে জনোৱা মতে, এই প্ৰতিবাদৰ বাবে কোনো পূৰ্বৰ অনুমতি লোৱা হোৱা নাছিল।

দিল্লী কংগ্ৰেছৰ সভাপতি দেৱেন্দ্ৰ যাদৱে কয়, “আমি জ্ঞানেশ কুমাৰৰ শীঘ্ৰে পদত্যাগ দাবী কৰিছো। ভাৰতত গণতন্ত্ৰৰ অন্ত পৰিব আৰু আমি মনে মনে বহি নাথাকো। ইয়াৰ বাবে দায়ীসকলক শাস্তি দিয়া হ’ব।” ইয়াতেই শেষ নহ’ল প্ৰতিবাদ। জ্ঞানেশ কুমাৰৰ মুখত ৰং কৰা আৰু হেণ্ডকাফ লগোৱা মাস্ক পৰিধান কৰি দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতীয় যুৱ কংগ্ৰেছ কৰ্মীসকলে। বেনাৰ, পোষ্টাৰ লৈ ৰাইচিনা পথৰ পৰা নিৰ্বাচন আয়ুক্তৰ মুখ্য কাৰ্যালয়লৈ সমদল কৰি গৈ থকা অৱস্থাত শ্লোগানেৰে পৰিস্থিতি উত্তাল কৰি তোলে।
আনহাতে, অসমতো কংগ্ৰেছৰ নেতা-সমৰ্থকসকলে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীয়ে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈকে ধৰি কেইবাজনো কৰ্মীক আটক কৰে।
ইফালে পাটনাত বহু কংগ্ৰেছ সমৰ্থকে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ দিশে আগবাঢ়ে। আৰক্ষীয়ে তেওঁলোকক ছত্ৰভংগ দিয়াবলৈ পানীহিলৈ ব্যৱহাৰ কৰে। পুডুচেৰী, ইম্ফল, চিমলা, শ্ৰীনগৰ, ডেৰাডুন, জম্মু, কলকাতাকে ধৰি আন কেইবাখনো চহৰতো প্ৰতিবাদ বিয়পি পৰিছে।













