বোকাখাতৰ বংকুৱালৰ বান (Flood of Bankuwal in Bokakhat) বিভিষিকাৰ মাজত আজি উপস্থিত হৈছেহি মুখ্যমন্ত্ৰী (Chief Minister has arrived)। বছৰটোৰ প্ৰথমটো প্ৰচণ্ড বানত সোমবাৰে বংকোৱালৰ মথাউৰি ভাগি জলমগ্ন কৰে সমগ্ৰ অঞ্চল। দুৰ্যোগত পৰিছে হৈছে অঞ্চলটোৰ ৭০ ৰো অধিক গাঁও। বাসিন্দাৰ ঘৰ বানে ক্ষতিগ্ৰস্ত কৰাৰ লগতে স্কুলসমূহো ক্ষতিগ্ৰস্ত হৈছে। মন্ত্ৰী অতুল বৰা (Atul Bora) আৰু সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক লগত লৈ আজি মথাউৰিৰ ভগা অংশ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। লাইফ জেকেট পৰিধান কৰি মটৰ ব’টত উঠি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি বান বিধ্বস্ত বংকোৱালৰ বান পৰিস্থিতিৰ বুজ (Understand the flood situation) লয়। বানাক্ৰান্ত অঞ্চলটো পৰিদৰ্শন কৰি উঠি বান শিবিৰো পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী শৰ্মাই বানাক্ৰান্ত লোকৰ অভাৱ-অসুবিধাৰ বুজ লৈ সাংবাদিৰ আগত কয় যে যি ধৰণে পাৰোঁ মই নিৰাময়ৰ বাবে চেষ্টা কৰিম।
লগতে জিলা উপায়ুক্তকো বিষয়টো অৱগত কৰি কয় যে ৰিলিফ দিয়াৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ হ’ব নালাগে। যাক যি ধৰণে ৰিলিফ দিব লাগে, ৰিলিফ দিম। তেওঁ লগতে কয় যে অলপমান পানী শাম কাটিলেই মথাউৰিৰ ভাগি যোৱা টুকুৰা জিঅ’ টিউবৰ সহায়েৰে মেৰামতিৰ চেষ্টা কৰিম। বানপীড়িত লোক সকল বহুদিন পানীৰ মাজত থাকিব নালাগে বুলিও মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে। লগতে কাজিৰঙাৰ বান সন্দৰ্ভত তেওঁ উভতি যাওঁতে তেওঁ কাজিৰঙাও পৰিদৰ্শন কৰিব বুলি কৈ কয় যে জলনিমগ্ন কাজিৰঙাৰ ট্ৰফিক গতি বহুত নিয়ন্ত্ৰণ কৰা হৈছে যাতে বানৰ কবলত পৰি ৰাষ্ট্ৰীয় ঘাইপথলৈ ওলাই অহা বন্যজন্তু দুৰ্ঘটনাগ্ৰস্ত নহয়। সোমবাৰৰ পৰা বন বিষয়াসকল কাজিৰঙাতে আছে বুলিও তেওঁ কয় আৰু এটা বেটেলিয়ন টীমও আহিবলৈ দিছে বুলি জানিবলৈ দিয়ে। বানত সিঁচৰিত হৈ থকা বন্যজন্তুক প্ৰতিপাল কৰাৰ বাবে ব্যৱস্থা লোৱাৰ কথাও মুখ্যমন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে।
কৰিয়াবৰৰ হাতীমূৰাত, তিনিচুকীয়াৰ বুঢ়ীদিহিং নদীত, মাজুলীত বিশ্বনাথতো এটা কৃষিৰ বান্ধ চিগাৰ কথা উল্লেখ কৰি তেওঁ কয় যে ডিব্ৰুগড় আৰু যোৰহাটত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ তলত বৈ থকাটো এটা ভাল খবৰ। উজনি অসম আৰু অৰুণাচলত নতুনকৈ আৰু বৰষুণ নহ’লে পানীভাগ নামনিলৈ বৈ যাব আৰু সেয়া হ’লে সোনকালেই এই পৰিস্থিতিৰ পৰা হাত সাৰিব পৰা যাব বুলি তেওঁ সাংবাদিকক কয়। অন্যথা সংকট ঘনীভূত হৈ থকাৰ লগতে ভাগি যোৱা মথাউৰিৰ গাঁও সমূহৰ বাসিন্দা অধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা প্ৰকাশ কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে কাইলৈ হ’ব লগীয়া কেবিনেট বৈঠকত কঠিয়া দিয়া, বানত ক্ষতিগ্ৰস্ত ঘৰ মেৰামতি কৰা, ক্ষতিগ্ৰস্ত কৃষিভূমি, ৰাষ্টা-ঘাট সোনকালে তৈয়াৰ কৰি দিয়া ইত্যাদি বিষয়ত আলোচনা কৰিব বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে।
বৰ্তমানো অসমৰ সকলো মন্ত্ৰী নিজ নিজ বান ক্ষতিগ্ৰস্ত অঞ্চলত ৰাইজৰ লগতে আছে বুলিও কয়। ডিব্ৰুগড়ত শ্লুইচ গেট খুলি দিয়াৰ ফলত লাহে লাহে পানী ওলাই গৈছে আৰু পুনৰ ব্ৰহ্মপুত্ৰ ওফন্দি নাহিলে ডিব্ৰুগড় বান সমস্যাৰ পৰা মুক্ত হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। আনহাতে সাংসদ সকলেও সহায়ৰ বাবে যি লাগে কৰিব বুলি আশ্বাস দিয়াৰ কথা দোহাৰে মুখ্যমন্ত্ৰীয়ে। পূৰ্বৰ তুলনাত এতিয়ালৈকে চম্ভালিব পৰা ধৰণে ক্ষয় ক্ষতি হৈছে, অধিক ক্ষতিগ্ৰস্ত হ’লে প্ৰয়োজন হ’লে কেন্দ্ৰীয় চৰকাৰৰ সহায় ল’ব পাৰিম বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়। বানৰ তাণ্ডব আৰু দুৰ্যোগৰ পৰা নিজক বচাবলৈ চেষ্টা কৰিব লাগিব বুলিও আহ্বান জনায়।