বোকাখাতত দ্ৰুত গতিত অৱনতি ঘটিছে বান পৰিস্থিতিৰ (Rapid flood situation in Bokakhat)। ধনশিৰিমুখত বিপদ সীমা ৭৫ .০০ মিটাৰ যদিও বিপদ সীমা অতিক্ৰমী জলপৃষ্ঠ ৭৭.০৮ মিটাৰলৈ বৃদ্ধি পাইছে। ইফালে গেলাবিল নৈৰ বিপদ সীমা নিৰ্ধাৰণ কৰা আছিল ৭৬.১০ মিটাৰ। বিপৰীতে বৰ্তমান জলপৃষ্ঠই অতিক্ৰম কৰিছে ৭৭.৪৭ মিটাৰ। নুমলীগড়ত ধনশিৰি নৈৰ বিপদ সীমা নিৰ্ধাৰিত আছিল ৭৬.১০ মিটাৰত। ইতিমধ্যে বিপদ সীমা অতিক্ৰম কৰি নুমলীগড়ত জলপৃষ্ঠই ৭৮.৪৭ মিটাৰ অতিক্ৰম কৰিছে। বানৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বোকাখাত উপজিলা প্ৰশাসনে মুকলি কৰি দিছে হেল্প লাইন নম্বৰ। এই অনুসৰি 9101730373 অথবা 7002103752 নম্বৰত যোগাযোগ কৰিব পাৰিব বানাক্ৰান্তসকলে।
বোকাখাতৰ যোগনীয়া দেওদিয়া প্ৰাথমিক বিদ্যালয় (Deodiya Primary School) নিশাৰ ভিতৰতে বানত ডুব গ’ল (Drowned in the flood)। কালি প্ৰধান শিক্ষকে ওখ ঠাইত তুলিথৈ আহিছিল সামগ্ৰীসমূহ। কিন্তু নিশাৰ ভিতৰতে নামি আহিল সৰ্বনাশ। আজি এচ ডি আৰ এফৰ সহযোগত প্ৰধান শিক্ষক চন্দ্ৰকান্ত দাসে উদ্ধাৰৰ চেষ্টা কৰিছে অত্যাৱশ্যকীয় সম্পত্তিসমূহ (Efforts to rescue essential assets)। বোকাখাত সদৰ থানাৰ আৰক্ষী বিষয়া, বোকাখাতৰ আৰক্ষীয়ে এচ ডি আৰ এফৰ সহযোগত প্ৰৱল বৃষ্টিপাতৰ মাজতে জলবন্দী জনজীৱন উদ্ধাৰত ব্যস্ত আছে।
বোকাখাতৰ মৰিয়াহোলা চহলাত বহু লোক বানৰ মাজত আবদ্ধ হৈ আছে। পশু ধনো আবদ্ধ হৈ থাকি সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ। তাৰ মাজতে আৰক্ষী বিষয়া বিতুপন চুতীয়াই এচ ডি আৰ এফৰ সহযোগত লোৱা ভূমিকাক প্ৰশংসা কৰিছে বানাক্ৰান্তই।