চলন্ত ৰে’লৰ সন্মুখত জঁপিয়াই আত্মহত্যা আৰক্ষী বিষয়াৰ। অন্ধ্ৰপ্ৰদেশৰ (Andhra pradesh) ৱাই এছ আৰ কাদাপা জিলাত সংঘটিত হৈছে এই ঘটনা। বুধবাৰে ভল্লুৰ মণ্ডলৰ টাপেলটা দলঙৰ সমীপৰ ৰে’লপথৰ পৰা উদ্ধাৰ কৰে এ এছ আই নাগাৰ্জুন ৰেড্ডীৰ মৃতদেহ।
![Police Officer Suicide Case I চলন্ত ৰে'লৰ সন্মুখত জাঁপ অন্ধ্ৰ আৰক্ষী বিষয়াৰ 3 Police Officer Suicide Case I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2023/08/pratidintime_2022-02_3ee1af59-e018-438a-8981-1eb54afc5945_GIRL_DEAD.webp?resize=1200%2C900&ssl=1)
জানিব পৰা মতে, ৰেড্ডী কমলাপুৰম থানাত কৰ্মৰত আছিল। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰে নৈশ কৰ্তব্য সম্পূৰ্ণ কৰি ঘৰলৈ গৈছিল বিষয়াগৰাকী।
ৰে’লৰ সন্মুখত জঁপিয়াই পৰাৰ পূৰ্বে ৰেড্ডীয়ে আৰক্ষীৰ ইউনিফৰ্ম খুলি ৰে’লপথত থৈ দিয়ে। তাৰ পিছত চলন্ত ৰে’লৰ সন্মুখত তেওঁ জঁপিয়াই পৰে। এই তথ্য লাভ কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। তেওঁৰ আত্মহত্যাৰ কাৰণৰ তদন্ত অব্যাহত আছে।