লোকসভাৰ বিৰোধী দলপতি তথা ৰায়বৰেলীৰ সাংসদ ৰাহুল গান্ধীয়ে (Rahul Gandhi) শুকুৰবাৰে পুৱা ৭ বজাত উত্তৰ প্ৰদেশৰ আলিগড়ত উপস্থিত হয়। হাথৰছলৈ যোৱাৰ পথত তেওঁ আলিগড়ৰ পিলাখনা গাঁৱলৈ গৈ দুৰ্ঘটনাত নিহত আৰু আহতসকলৰ পৰিয়ালক সাক্ষাৎ কৰে।
![Rahul Gandhi visits Hathras I হাথৰছৰ ভুক্তভোগীক সাক্ষাৎ ৰাহুল গান্ধীৰ 3 Rahul Gandhi visits Hathras I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/07/IMG_20240705_145035.jpg?resize=600%2C336&ssl=1)
ৰাহুলে হাথৰাছৰ আত্মীয়ৰ কাষত থিয় দিয়াৰো আশ্বাস দিয়ে। আনহাতে, বিৰোধী নেতাগৰাকীৰ সন্মুখত শোকত ভাগি পৰে লোকসকল। আলিগড়ৰ পিছত ৰাহুল যায় হাথৰছলৈ। চিকিৎসালয়লৈ গৈ আহতসকলক সাক্ষাৎ কৰে।
তেওঁ হাথৰছৰ মৃতকৰ পৰিয়ালৰ সৈতেও কথা পাতে। উল্লেখযোগ্য যে মঙলবাৰে বিয়লি হাথৰছৰ সৎসঙ্গত ১২৩ জন লোকৰ মৃত্যু হয়। ৪৮ ঘণ্টাৰ অন্তত অৱশেষত আৰক্ষী সক্ৰিয় হৈ পৰে। বৃহস্পতিবাৰে এই ঘটনাত ৬ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হোৱা ৬ জনৰ ভিতৰত দুগৰাকী মহিলা আৰু ৪ গৰাকী পুৰুষ।
আটক কৰা লোককেইজন আছিল সৎসংগৰ স্বেচ্ছাসেৱক। আলিগড় ৰেঞ্জ আৰক্ষীৰ আই জি শালৱ মাথুৰে কয় যে মূল অভিযুক্ত দেৱপ্ৰকাশ মধুকৰ এতিয়াও পলাতক হৈ আছে।
তেওঁক ধৰাই দিয়াৰ বাবে এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে আৰক্ষীয়ে। তেওঁৰ বিৰুদ্ধে জামিন বিহীন ৱাৰেণ্টো জাৰি কৰা হ’ব।