
পঞ্জাবৰ অমৃতসৰৰ পৰা পশ্চিমবংগৰ নিউ জলপাইগুৰি (এনজেপি) ষ্টেচনলৈ যোৱাৰ পথত কৰ্মভূমি এক্সপ্ৰেছত অগ্নিকাণ্ড (Karmabhumi Express Fire) সংঘটিত হয়। ফলত ক’লা ধোঁৱাই আকাশ ঢাকি পেলায়। ৰে’লখনৰ কমেও চাৰিটা ডবা ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে। কেইবাজনো যাত্ৰী আহত হয় যদিও কোনো লোকৰ মৃত্যুৰ খবৰ এতিয়ালৈকে পোৱা হোৱা নাই। অগ্নিকাণ্ডৰ কাৰণৰ তদন্ত অব্যাহত আছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু ৰে’লৱেৰ বিষয়াসকল উপস্থিত হয়। অৱশ্যে কিছু সময়ৰ পাছতে জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।

কৰ্মভূমি এক্সপ্ৰেছত অগ্নিকাণ্ডৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। ৰে’লখনৰ একাধিক ডবাত জুইৰ শিখা জ্বলি থকা দেখা গৈছে। ৰে’লখনৰ পৰা ক’লা ধোঁৱাই চাৰিওফালৰ অঞ্চলটো আগুৰি ধৰিছে। অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে । নিউজ এজেন্সী পিটিআয়েও প্ৰকাশ কৰিছে অগ্নিকাণ্ডৰ ভিডিঅ’।
শুকুৰবাৰে অমৃতসৰৰ পৰা ওলাই আহিছিল ১২৫০৮ নম্বৰৰ কৰ্মভূমি এক্সপ্ৰেছ। পঞ্জাবৰ চৰাই বঞ্জৰাৰ ৰাজপুৰা ষ্টেচনৰ সমীপত দিনৰ প্ৰায় ১ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। আম্বালা সংমণ্ডলৰ এগৰাকী জ্যেষ্ঠ ৰে’ল বিষয়াই জনোৱা মতে, কোনো যাত্ৰীৰ মৃত্যুৰ খবৰ পোৱা নাই। জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে। আহতসকলৰ চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।
জানিব পৰা মতে, ৰে’লৰ ইঞ্জিনৰ পিছত প্ৰথমে পঞ্চমটো ডবাত এই অগ্নিকাণ্ড সংঘটিত হয়। তাৰ পৰা আৰু তিনিটা ডবালৈ বিয়পি পৰে। পাটিয়ালাৰ উপায়ুক্ত হিমাংশু আগৰৱালাই কয় যে প্ৰথম অৱস্থাত পেণ্ট্ৰি গাড়ীৰ পৰাই জুই বিয়পি পৰা বুলি ধাৰণা কৰা হৈছে। শ্বৰ্ট চাৰ্কিটৰ বাবেও জুই আৰম্ভ হ’ব পাৰে। তদন্তৰ অন্ততহে এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ নিশ্চিত কৰিব পৰা যাব। ৰে’ল আৰক্ষীৰ এছএইচঅ’ গুৰপ্ৰীত সিঙে জানিবলৈ দিয়া মতে, এটা ডবাৰ ফেনত শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। তাৰ পৰা দ্ৰুতগতিত ই আন ডবাবোৰলৈ বিয়পি পৰে।
কৰ্তৃপক্ষই যাত্ৰীসকলক তাৰ পৰা উলিয়াই আনি আন এখন ৰে’লেৰে গন্তব্যস্থানলৈ নিয়াৰ ব্যৱস্থা কৰে। অগ্নিকাণ্ডৰ ফলত সেই লাইনত ৰে’ল চলাচলত কোনো সমস্যাৰ সৃষ্টি হৈছে নেকি সেয়া এতিয়াও স্পষ্ট হোৱা নাই।












