অহা দেওবাৰে তৃতীয়বাৰৰ বাবে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ কথা আছিল যদিও বৃহস্পতিবাৰেই জে এম এম নেতা হেমন্ত ছ’ৰেনে (Hemant Soren) ঝাৰখণ্ডৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনৰ ওচৰত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
বুধবাৰে পুৱা ৰাজ্যপালে আনুষ্ঠানিকভাৱে হেমন্তক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনায়। ইয়াৰ পিছতে জে এম এমৰ নেত্ৰী সুপ্ৰিয়া ভট্টাচাৰ্যই কয় যে দেওবাৰে হেমন্তৰ নেতৃত্বত নতুন মিত্ৰজোঁটৰ চৰকাৰে শপত গ্ৰহণ কৰিব। ইয়াৰ পিছত তেওঁ দল আৰু মিত্ৰজোঁটৰ নেতাৰ সৈতে এখন বৈঠকত বহে। তাতেই জনোৱা হয় যে জে এম এমৰ প্ৰতিষ্ঠাপক শিবু ছ’ৰেনৰ পুত্ৰই দুপৰীয়া শপত গ্ৰহণ কৰিব।
উল্লেখযোগ্য যে বুধবাৰে সন্ধিয়া ৰাজ্যপালৰ ওচৰলৈ গৈ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে চম্পাই ছ’ৰেনে। ইয়াৰ পিছত হেমন্তই জে এম এম-কংগ্ৰেছ-আৰ জে ডি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ বাবে আবেদন জনায়।
দলীয় এক সূত্ৰই জনোৱা মতে, বুধবাৰে জে এম এমৰ পৰিষদৰ বৈঠকত মুখ্যমন্ত্ৰী চম্পাইক অপসাৰণ কৰি হেমন্তক পুনৰ নিযুক্তিৰ বাবে আনুষ্ঠানিক প্ৰস্তাৱ গৃহীত কৰা হয়। সূত্ৰ মতে, হেমন্তৰ এই পদক্ষেপক লৈ চম্পায়ে ক্ষোভ প্ৰকাশ কৰে। কিন্তু শেষত দলৰ সিদ্ধান্তত পদত্যাগ কৰিবলৈ সন্মত হয়।