অসম তথা দেশৰ ছবি জগতৰ এক উজ্জ্বল নক্ষত্ৰ ৰীমা দাসৰ (Rima Das) ব্যতিক্ৰমী কৰ্ম আৰু কেৰিয়াৰত আন এক সফলতা। যি সফলতাই এতিয়া কেৱল অসমকে নহয়, সমগ্ৰ দেশকে গৌৰৱান্বিত কৰিছে। ৰীমা দাস সন্মানীয় অস্কাৰ একাডেমীৰ সদস্য হিচাপে মনোনীত হৈছে।
উল্লেখযোগ্য যে ২০১৭ চনত হাতত মাত্ৰ এটা ডি এছ এল আৰ কেমেৰা লৈ চলচ্চিত্ৰ জগতত খোজ দিয়া ৰীমা দাস আজি দেশৰ সীমাৰ পৰিধি ভেদ কৰি আন্তৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন এগৰাকী চলচ্চিত্ৰ নিৰ্দেশক তথা নিৰ্মাতা। একক আৰু সম্পূৰ্ণ অগতানুগতিক চলচ্চিত্ৰ নিৰ্মাণৰ দ্বাৰা বহুকেইটা ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় সন্মান বুটলিবলৈ সক্ষম হৈছে ৰীমা দাসে।
নিজৰ মনোবল আৰু কৰ্মস্পৃহাৰ বাবে আজি মাত্ৰ সাত বছৰতে তেওঁৰ সফলতাই আকাশ চুব পৰা উচ্চতা লাভ কৰিছে। ছয়গাঁৱৰ বোকাময় পথ গছকি আজি আন্তৰাষ্ট্ৰীয় ৰেড কাৰ্পেটত খোজকাঢ়িবলৈ সক্ষম হৈছে ৰীমা দাসে৷ কাহিনী, কেমেৰা, পৰিচালনাৰে এক প্ৰকাৰ অসম্ভৱক সম্ভৱ কৰি ৰীমা দাসৰ আৱিৰ্ভাৱ ঘটিছিল ২০১৭ চনত ‘ভিলেইজ ৰকষ্টাৰ্ছ’ ছবিখনৰ জৰিয়তে৷
নিজৰ প্ৰথমখন ছবিতে ৰীমাই আজুৰি আনিছিল কেইবাটাও ৰাষ্ট্রীয় তথা আন্তৰাষ্ট্ৰীয় বঁটা। তাৰ পৰৱৰ্তী সময়ছোৱাত আৰু পিছলৈ ঘূৰি চাবলগা হোৱা নাই তেওঁ। কেৱল বুটলি গৈছে ইটোৰ পাছত সিটো সফলতা। যাৰ বাবে বিশ্বৰ চলচ্চিত্ৰ জগতত এতিয়া অতি সন্মানেৰে উচ্চাৰিত এটা নাম হৈছে ৰীমা দাস৷
উল্লেখযোগ্য যে ২০২৪ বৰ্ষৰ বাবে অস্কাৰ একাডেমীৰ সদস্যৰূপে ৰীমা দাস মনোনীত হোৱাৰ পূৰ্বে আৰু দুগৰাকী অসম সন্তানে এই সন্মান লাভ কৰিছিল। তেওঁলোক হৈছে প্ৰখ্যাত চাউণ্ড ডিজাইনাৰ দেৱজিৎ চাংমাই (২০১৮) আৰু অমৃত প্ৰীতম (২০১৭) ৷
এইবাৰ অস্কাৰ একাডেমীৰ সদস্যৰ তালিকাত অন্তৰ্ভুক্ত হৈছে আঠগৰাকী ভাৰতীয়কে ধৰি বিশ্ব চলচ্চিত্ৰ জগতৰ সৈতে জড়িত সৰ্বমুঠ ৪৮৭ গৰাকী বিশিষ্ট শিল্পী ৷