স্বয়ম্ভূ বাবাই আহ্বান কৰা ‘সৎসংগ’ত শতাধিক লোকে প্ৰাণ হেৰুওৱাৰ (Hundreds of people lost their lives in ‘Satsang’) পিছৰে পৰা ‘পলাতক’ সূৰয পাল ওৰফে নাৰায়ণ সাকাৰ হৰি (Narayan Sakar Hari)। অনুৰাগীৰ বাবে তেওঁ হৈছে ভোলেবাবা (Bholebaba) । কিন্তু মঙলবাৰৰ ঘটনাৰ পিছৰে পৰা হাথৰছবাসীৰ একাংশ ৰাইজৰ ক্ষোভ ভোলেবাবাৰ ওপৰত। তেওঁৰ পোষ্টাৰত ইটা-শিলো নিক্ষেপ কৰা হৈছে। এনে ঘটনাৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে।
ভোলেবাবাই মঙলবাৰে হাথছৰত আয়োজন কৰা ‘সৎসংগ’ত সংঘটিত হয় শোকাৱহ ঘটনা। কোনো কোনোৱে কয় যে ‘সৎসংগ’ৰ বাবে যি পেণ্ডেল নিৰ্মাণ কৰা হৈছিল, সেইখন ঘেৰি দিয়া হৈছিল। ফেনৰ ব্যৱস্থা কৰা হোৱা নাছিল। ফলত সকলোৱে গৰমৰ বাবে হাহাকাৰ কৰি উঠিছিল। যাৰ ফলত ‘সৎসংগ’ শেষ হোৱাৰ পাছতে মানুহবোৰ লৰালৰিকৈ তাৰ পৰা ওলাই আহে আৰু তেতিয়াই সৃষ্টি হয় বিপদ। একাংশৰ মতে আকৌ পেণ্ডেলৰ পৰা অহা-যোৱাৰ বাবে যিখন গে’ট নিৰ্মাণ কৰা হৈছিল, সেইখনো অতি সংকীৰ্ণ আছিল, যাৰ বাবে বিশৃংখলতাৰ সৃষ্টি হৈছিল।
কিন্তু এই ঘটনাৰ পিছতে সন্ধান নোহোৱা হৈছে ভোলেবাবা। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। কিন্তু প্ৰশ্ন উত্থাপন হয় যে ইমান ডাঙৰ দুৰ্ঘটনা কাৰ দোষত সংঘটিত হ’ল। ইফালে আৰক্ষীয়ে এফআইআৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। কিন্তু এফআইআৰত ‘সৎসংগ’ৰ আয়োজকসকলৰ নাম উল্লেখ আছে যদিও ভোলেবাবাৰ নাম তাত নাই। অৱশ্যে ঘটনাৰ পিছৰে পৰা ভোলেবাবাক লৈ ক্ষোভৰ সৃষ্টি হৈছে সাধাৰণ মানুহৰ মাজত।
উল্লেখ্য, মঙলবাৰে হাথৰছৰ মোগলাগড়ী গাঁৱত অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানত সংঘটিত ঘটনাত এতিয়ালৈকে মৃত্যুৰ সংখ্যা ১২১ জনলৈ বৃদ্ধি (Death toll rises to 121) পাইছে। আৰু বহু লোক আহত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। তাৰ মাজতে বুধবাৰে পুৱা চিকিৎসালয়খন পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ইতিমধ্যে হাথৰছৰ ঘটনা (Hathras incident)ক লৈ সমগ্ৰ দেশতে তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।