অসমৰ ৰিয়ান পৰাগ (Riyan Parag)ক লৈ ছ’চিয়েল মিডিয়াত কেইবাবাৰো ধুমুহাৰ সৃষ্টি হৈছে। কেতিয়াবা যদি তেওঁক কটাক্ষ কৰা হৈছে (He is being taunted), কেতিয়াবা আকৌ পৰাগক ভাৰতীয় দলত স্থান দিয়াৰো দাবী উত্থাপন হৈছে। তাৰ মাজতে ৰিয়ান পৰাগে ভাৰতীয় দলৰ হৈ (For the Indian team) জিম্বাব’ৱে ভ্ৰমণৰ সুযোগ লাভ (Zimbabwe gets a chance to travel) কৰে। উক্ত ভ্ৰমণত খেলিবলৈ যোৱাৰ পূৰ্বে তেওঁ সমালোচকসকলক লক্ষ্য কৰি লয়। ভাৰতীয় দলত সুযোগ পোৱাৰ পিছত ৰিয়ান পৰাগৰ অভিমান প্ৰকাশ পাইছে।
উল্লেখযোগ্য যে ৰিয়ান পৰাগে ২০১৯ চনত আইপিএলত অভিষেক ঘটায়। যদিও সেইবাৰ তেওঁ ভাল খেলিছিল, তথাপিও পৰৱৰ্তী চাৰিটা আই পি এলত তেওঁ নিষ্প্ৰভ আছিল। যাৰ বাবে ছ’চিয়েল মিডিয়াত তেওঁ বিভিন্ন ধৰণৰ ঠাট্টা-মস্কৰাৰ বলি হৈছিল। কিন্তু এই বছৰ তেওঁ নিজৰ শৈলীলৈ ঘূৰি আহে। আই পি এলত তেওঁৰ বেটিঙে নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰে। ফলত ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান দখল কৰে।
ইয়াৰ পিছত এইগৰাকী প্ৰতিভাৱান অসমীয়া ক্ৰিকেটাৰে মন্তব্য কৰে, ‘এনে ঠাট্টা-মস্কৰা সহ্য কৰাটো সহজ নহয়। যোৱা বছৰ মই নিজৰ লগত কথা পাতিলো। সেইটোৱেই কাম কৰিলে। ইয়াৰ পিছতেই এই প্ৰত্যাৱৰ্তন। হয়তো মোৰ প্ৰস্তুতি কম আছিল, কিছুমান ক্ষেত্ৰত মোৰ অভাৱ আছিল। কিন্তু মই সকলো সময়তে যৎপৰোনাস্তি চেষ্টা কৰিলোঁ। কিন্তু মানুহে যি পাৰে কৈ গৈছে। যোৱা বছৰ বহুতে কৈছিল মই আই পি এল খেলিবলৈ ফিট নহয়। তেওঁলোকেই মোক আকৌ ভাৰতীয় দলত বিচাৰে। মানুহ এনেদৰে সলনি হয়।”
আনহাতে, অহৰহ ঠাট্টা-মস্কৰাৰ সৈতে খেলাটো কঠিন আছিল বুলিও স্বীকাৰ কৰে ৰিয়ান পৰাগে। তেওঁ কয়, “যন্ত্ৰনাই মানুহক সৃষ্টি কৰে। কোটি কোটি লোকে আই পি এল চায়। গতিকে ভাল খেলিব নোৱাৰিলে বেয়া লাগে। সেই যন্ত্ৰণা বাঢ়ি যায় ৰাইজৰ কথাত, সমৰ্থকৰ কথাত। মই ভাবিলোঁ, ইমান কটুক্তি কিয় সহ্য কৰিবলগা হৈছে? মানুহে মোৰ বিষয়ে ইমান নেতিবাচক কথা কিয় কৈছে? ৰাজস্থান ৰয়েলছৰ বাহিৰে মোৰ ওপৰত কোনেও সুখী নাছিল। খেলখন মই বুজিবলৈ চেষ্টা কৰো। সেইটোৱে মোক সলনি কৰি দিয়ে। ক্ৰিকেটৰ প্ৰতি অধিক প্ৰেমৰ সৃষ্টি হয়।”
এইবাৰৰ আই পি এলত পৰাগে ১৬খন খেলত ৫৭৩ ৰান সংগ্ৰহ কৰে। সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত তেওঁ তৃতীয় স্থান লাভ কৰে। গড় ৫২.০৯। ষ্ট্ৰাইক ৰেট ১৪৯.২১। তেওঁ চাৰিটা অৰ্ধশতৰান অৰ্জন কৰে।