অসম চাহ জনজাতি ছাত্ৰ সন্থা (Assam Tea Tribes Students’ Union)ৰ একালৰ সংগ্ৰামী নেতা বৰ্তমান উপদেষ্টা, নুমলীগড় চাহ বাগিছা (Numaligarh Tea Garden)ৰ অৱসৰপ্ৰাপ্ত স্বাস্থ্য কৰ্মী (Retired health worker), সমাজকৰ্মী (social worker) গুণীন চন্দ্ৰ দাস (৭০)ৰ ২৮ জুনৰ সন্ধিয়া প্ৰায় ৭-১৮ বজাত পৰলোকপ্ৰাপ্তি (Gunin Chandra Das passes away) হয়। বোকাখাতৰ কুৰুৱাবাহী ৰাজগড় নিবাসী বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতে জড়িত গুণীন চন্দ্ৰ দাসৰ মৃত্যুত নুমলীগড় চাহ বাগিছা, সমগ্ৰ কুৰুৱাবাহীত শোকৰ ছাঁ পৰে।
তেখেতৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে তেখেতৰ বাসগৃহত বিভিন্ন সংগঠন ব্যক্তি বিশেষে শেষ শ্ৰদ্ধাঞ্জলি জনায়। অসম চাহ জনজাতি ছাত্ৰ সন্থা বোকাখাত মহকুমা সমিতি, বোকাখাত মহকুমা সাংবাদিক সংস্থা, কুৰুৱাবাহী কলা সংস্কৃতি বিকাশ কেন্দ্ৰ, কুৰুৱাবাহী সত্ৰ পৰিচালনা সমিতি, কুৰুৱাবাহী তিনি আলি ব্যৱসায় সন্থা আদি সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। মৃত্যুৰ সময়ত পত্নী, দুই পুত্ৰ, একমাত্ৰ কন্যা, বোৱাৰী জোৱাই, নাতি-নাতিনী ভাতৃসহ বহু আত্মীয়ক এৰি থৈ যায়।