হাথৰছ পদপিষ্ট কাণ্ড (Hathras stamped Case)ৰ সৈতে জড়িত সূৰযপাল (Surajpal alise) ওৰফে নাৰায়ণ সাকাৰ হৰি (Narayan Sakar Hari) ওৰফে ভোলেবাবা (Bholebaba) বৰ্তমান পলাতক (Currently absconding)। উত্তৰ প্ৰদেশ (UP Police) আৰক্ষীয়ে তেওঁক বিচাৰিছে। কিন্তু এইটোৱেই প্ৰথম ঘটনা নহয়, ইয়াৰ পূৰ্বেও ভোলেবাবাৰ নামটো বহু বিতৰ্কত সাঙোৰ খাইছে। তেওঁৰ ‘কৃতিত্ব’ অসীম! এন ডি টি ভিৰ এক প্ৰতিবেদন অনুসৰি, ভোলেবাবাৰ বিৰুদ্ধে পূৰ্বে যৌন নিৰ্যাতনৰো অভিযোগ উত্থাপন হৈছিল। ইয়াৰ উপৰি ইয়াৰ পূৰ্বে আগ্ৰা, ইটা, কাছগঞ্জ, ফাৰুখাবাদ আৰু ৰাজস্থানতো তেওঁৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। কিন্তু তাৰ পিছতো ‘বাবা’ৰ গুণমুগ্ধ অনেক।
স্বয়ম্ভূ ধৰ্মীয় গুৰু ভোলেবাবাৰ ঘৰ উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশৰ ইটা জিলাৰ পাটিয়ালি পঞ্চায়তৰ বাহাদুৰ নাগ্ৰী গাঁৱৰ কৃষকৰ ঘৰত জন্মগ্ৰহণ কৰিছিল তেওঁ। প্ৰকৃত নাম সূৰযপাল সিং। সূৰযে পঢ়া-শুনা সমাপ্ত কৰি উত্তৰ প্ৰদেশ আৰক্ষীত যোগদান কৰে। প্ৰায় ১৮ বছৰ ধৰি উত্তৰ প্ৰদেশৰ আৰক্ষীৰ ‘চোৰাংচোৱা ইউনিট’ৰ হেড কনিষ্টবল হিচাপে কৰ্মৰত আছিল। ভোলেবাবাৰ অনুগামীসকলে দাবী কৰে যে তেওঁ পূর্বে চোৰাংচোৱা বিভাগতো কাম কৰি আহিছে৷ কিন্তু ধৰ্মীয় বাৰ্তা প্ৰচাৰৰ বাবে তেওঁ ১৯৯৯ চনত চোৰাংচোৱা সেৱা এৰি দিয়ে। চাকৰি এৰি সূৰযে নাম সলনি কৰি নাৰায়ণ সাকাৰ হৰি বুলি লয়। সূৰযপাল হৈ পৰে ভোলেবাবা। তাৰ পিছত আৰম্ভ হয় সৎসংগ।
কিন্তু সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ১৯৯৭ চনত ভোলেবাবাৰ বিৰুদ্ধে (যদিও তেওঁ তেতিয়া ভোলেবাবা হোৱা নাছিল) যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিছত তেওঁ চাকৰি হেৰুৱায় আৰু জে’ললৈও যাবলগা হয়। জে’লৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁ নিজকে ‘সাকাৰ বিশ্ব হৰি বাবা’ বুলি পৰিচয় দিবলৈ আৰম্ভ কৰে। তেওঁ নিজৰ পূৰ্বপুৰুষৰ ঘৰতে আশ্ৰম খুলি লয় আৰু হৈ উঠো ভোলেবাবা। লাহে লাহে তেওঁৰ অনুৰাগীৰ সংখ্যাও বাঢ়ি আহে। এতিয়া এইগৰাকী স্বয়ম্ভূ ধৰ্মগুৰুৰ হাৰিয়ানা, পশ্চিম উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান, দিল্লীকে ধৰি সমগ্ৰ ভাৰতবৰ্ষত বিয়পি আছে অসংখ্য ভক্ত।
ইয়াৰ উপৰি কোভিডৰ সময়তো সৎসংগ আয়োজন কৰি ভোলেবাবাৰ নাম আইনী জটিলতাৰ লগত জড়িত হৈ পৰে। ২০২২ চনত স্বঘোষিত গুৰুজনে উত্তৰ প্ৰদেশৰ ফাৰুখাবাদত সৎসংগৰ আয়োজন কৰে। অৱশ্যে মহামাৰীৰ সময়ত বৃহৎ সমাবেশত বাধা আৰোপ কৰা বাবে জিলা প্ৰশাসনে মাত্ৰ ৫০ জন লোককহে সৎসংগত উপস্থিত থাকিবলৈ অনুমতি দিছিল। কিন্তু ৫০ হাজাৰ লোক সমবেত হৈছিল। বিপুল জনসমাগমৰ বাবে অঞ্চলটোত যান-জঁটৰ সৃষ্টি হয়। তেওঁৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হয়। এইবাৰ পুনৰ এই কাণ্ডত জড়িত হৈ পৰিছে ভোলেবাবাৰ নাম।
একাংশই দাবী কৰিছে যে স্বঘোষিত গুৰুজনৰ পদধূলি ল’বলৈ ঠেলা-হেঁচা কৰাৰ বাবেই উত্তৰ প্ৰদেশৰ হাথৰছত এই ঘটনা সংঘটিত হৈছে। এফআইআৰৰ মতে যেতিয়া অনুগামীসকলে ভোলেবাবাৰ ‘পদধূলি’ ল’বলৈ হেতাওপৰা লগায়, তেতিয়াই তেওঁৰ ‘সেৱাদাৰ’সকলে (নিৰাপত্তাৰক্ষী) ভিৰ ঠেলি নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ কৰে। তেতিয়াই বহু লোক ইজনে সিজনৰ ওপৰত পৰি যায়। কিন্তু বাকীবোৰ তেওঁলোকৰ ওপৰেৰেই পাৰ হৈ যায়। কিন্তু একাংশই দাবী কৰিছে যে ভোলেবাবাৰ কনভয়লৈ যোৱাৰ বাবে ভক্তসকলক বাধা দি ৰখা হৈছিল। তেওঁ যোৱাৰ লগে লগে গে’টখন খোলা হয় আৰু লৰালৰিকৈ তেওঁলোক ওলাই আহিবলৈ চেষ্টা কৰি থাকোঁতে এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। এই ভাষ্য একাংশ ভক্ত আৰু প্ৰত্যক্ষদৰ্শীৰ।