ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি (Assam Flood) অপৰিৱৰ্তিত আছে। ইয়াৰ বিপৰীতে কেইবাখনো জিলাত বান পৰিস্থিতিয়ে প্রলয়ংকৰী ৰূপ ধাৰণ কৰিছে। চৰকাৰী পৰিসংখ্যা অনুসৰি এই পৰ্যন্ত বানত মৃত্যু হৈছে ৩৮ গৰাকী লোকৰ । আনহাতে, অসমৰ্থিত সূত্ৰ মতে এতিয়ালৈকে বানত মৃত্যু হৈছে ৪৫ গৰাকী লোকৰ । মঙলবাৰে ধেমাজিত এজন আৰু তিনিচুকীয়াত দুজন লোকে বানত প্রাণ হেৰুৱায়। আনহাতে, বিশ্বনাথত এজন লোক সন্ধানহীন হৈ আছে।
![Flood in Assam I বানত ককবকাইছে সমগ্ৰ ৰাজ্য; এই পৰ্যন্ত প্ৰায় ১২ লাখ লোক ক্ষতিগ্ৰস্ত 3 Flood in Assam I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/07/IMG_20240703_150904-2.png?resize=4096%2C2728&ssl=1)
ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তথ্য মতে, শেহতীয়া বানত ২৮ খন জিলা ক্ষতিগ্ৰস্ত হৈছে। এই জিলাকেইখন হৈছে কামৰূপ, তামলপুৰ, চিৰাং, মৰিগাঁও, লখিমপুৰ, বিশ্বনাথ, ডিব্ৰুগড়, কৰিমগঞ্জ, ওদালগুৰি, নগাঁও, বঙাইগাঁও, শোণিতপুৰ, গোলাঘাট, হোজাই, দৰং, চৰাইদেউ, নলবাৰী, যোৰহাট, শিৱসাগৰ, কাৰ্বি আংলং, গোৱালপাৰা, ধেমাজি, মাজুলী, তিনিচুকীয়া, কোকৰাঝাৰ, বৰপেটা, কাছাৰ আৰু কামৰূপ (মেট্ৰ’)।
আনহাতে, এই জিলাকেইখনৰ ৮৪ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ২,২০৮ খন গাঁৱৰ ১১,৩৪,৪৪৬ লোক ক্ষতিগ্ৰস্ত হৈছে । ইয়াৰ উপৰি ৰাজ্যৰ ৪২,৪৭৬ হেক্টৰ কৃষিভূমি বৰ্তমান পানীৰ তলত। ইফালে বানাক্ৰান্ত ৰাইজক সুৰক্ষাৰ বাবে ৪৮১ টা আশ্রয় শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত প্ৰায় আঢ়ৈ লাখ বানাক্ৰান্তই আশ্ৰয় লৈছে৷