উত্তৰ প্ৰদেশৰ হাথৰচত (Hathras) ধৰ্মীয় অনুষ্ঠানত শতাধিক লোকৰ পদপিষ্ট হৈ মৃত্যু হোৱা ঘটনাত শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। লোকসভাৰ ভাষণ কিছু সময়ৰ বাবে বন্ধ ৰাখি তেওঁ এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স হেণ্ডেলত পোষ্ট কৰি ঘটনাৰ ক্ষতিপূৰণৰ কথা ঘোষণা কৰে। আনহাতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে হাথৰচৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে।
![Hathras Stampede Incident । হাথৰচৰ ঘটনাত ক্ষতিপূৰণ ঘোষণা প্ৰধানমন্ত্ৰীৰ, শোক প্ৰকাশ কৰে ৰাষ্ট্ৰপতিৰ 3 Hathras Stampede Incident ।](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/07/IMG_20240703_133200.jpg?resize=400%2C224&ssl=1)
প্ৰধানমন্ত্ৰী মোডীয়ে সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে উদ্ধাৰৰ কাম কৰি আছে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্স হেণ্ডেলত লিখিছে, “হাথৰচ কাণ্ডত নিহতসকলৰ পৰিয়ালক ২ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে। এই ধন প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা দিয়া হ’ব। আহতসকলক ৫০ হাজাৰ টকাৰ ক্ষতিপূৰণ দিয়া হ’ব। যিসকলে পৰিয়াল হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ।”
আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক্সত এই খবৰ হৃদয় বিদাৰক বুলি কয়। স্থানীয় প্ৰশাসনে উদ্ধাৰৰ কাম আৰম্ভ কৰিছে। অমিত শ্বাহে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে।
ইফালে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়েও এই ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ কয়, এই ঘটনা অতি দুখজনক। ৰাহুলে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। এক্সত তেওঁ লিখিছে, “চৰকাৰ আৰু প্ৰশাসনক অনুৰোধ যে আহতসকলক সকলো ধৰণৰ চিকিৎসাৰ ব্যৱস্থা কৰা হওক। মৃতকৰ পৰিয়ালক সহায় কৰা হওক। সকলো বিষয়াক উদ্ধাৰ কামত সহায় কৰিবলৈ অনুৰোধ জনোৱা হ’ল।”
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথে কয় যে আহতসকলক ভৰ্তি কৰি চিকিৎসালয়ত চিকিৎসাৰ নিৰ্দেশ দিয়া হৈছে। লগতে আৰু কি কি পদক্ষেপ লোৱা হ’ব সয়াও তেওঁ জনায়। তেওঁ লিখিছে, “ভগৱান শ্ৰীৰামক প্ৰাৰ্থনা, তেওঁ মৃতকৰ আত্মাক তেওঁৰ চৰণত স্থান দিয়ে যেন, আহতসকলক সোনকালে সুস্থ কৰে যেন।”