পশ্চিম আফ্ৰিকাৰ দেশ মালিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণত (Mali Attack) কমেও ৪০ জন লোকৰ মৃত্যু হয়। সোমবাৰে দেশখনৰ ডিজিগুইবম্বো গাঁৱত সংঘটিত হয় এই আক্ৰমণ।
![Mali Terrorist Attack I মালিত ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণত নিহত কমেও ৪০ 3 Mali Terrorist Attack I](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/07/IMG_20240703_152108.jpg?resize=976%2C548&ssl=1)
অৱশ্যে এই আক্ৰমণত কোনটো সংগঠন জড়িত হৈ আছে সেয়া জানিব পৰা হোৱা নাই। এতিয়ালৈকে কোনো সন্ত্ৰাসবাদী সংগঠনেও এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই। খবৰ অনুসৰি, সন্ত্ৰাসবাদীয়ে গাঁওখনলৈ গৈ নিৰ্বিচাৰে গুলীচালনা আৰম্ভ কৰে।
মালিৰ প্ৰশাসনে ইয়াক গণহত্যা বুলি অভিহিত কৰে। উল্লেখ্য, ঘটনাৰ দিনা গাঁৱখনত বিবাহ অনুষ্ঠান চলি আছিল। নিহতসকলৰ অধিকাংশই যুৱক বুলি জানিব পৰা গৈছে। আল-কায়দা আৰু ইছলামিক ষ্টেটৰ সৈতে জড়িত গোটসমূহে উত্তৰ আৰু মধ্য মালিৰ কেইবাটাও অঞ্চলত এক দশকৰো অধিক সময় ধৰি সক্ৰিয় হৈ আছে।