ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চম্পাই ছ’ৰেনৰ পদত্যাগ। বুধবাৰে তেওঁ ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। একে সময়তে হেমন্ত ছ’ৰেনে (Hemant Soren) ঝাৰখণ্ডত চৰকাৰ গঠনৰ দাবী ৰাজ্যপালৰ ওচৰত দাখিল কৰে।
মন কৰিবলগীয়া যে যোৱা মাহত জামিন লাভ কৰাৰ পিছত জেলৰ পৰা মুকলি কৰি দিয়া হয় ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্তক। ইয়াৰ পিছত হয়তো তেওঁ পুৰণি গাদীলৈ উভতিব।
বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত ৰাজভৱনত উপস্থিত হয় চম্পাই ছ’ৰেন।
ৰাজ্যপাল চিভি ৰাধাকৃষ্ণনৰ ওচৰত তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে। আনহাতে, পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ পিছতে জেএমএমৰ নেতা হেমন্তই ৰাজ্যপালক চৰকাৰ গঠনৰ দাবী জনায়।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ জানুৱাৰী মাহত তেওঁক ভূমি দুৰ্নীতি আৰু আৰ্থিক আত্মসাতৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। গ্ৰেপ্তাৰ হোৱাৰ ঠিক পূৰ্বেই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল শিবু-পুত্ৰই। অৱশেষত জুন মাহত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে তেওঁক জামিন প্ৰদান কৰে।
ইফালে চম্পাইয়ে পদত্যাগৰ এই সিদ্ধান্ত হেমন্ত ঘূৰি আহিছে বাবে লোৱা বুলি অৱগত কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয়, “মাত্ৰ কেইদিনমান আগতে মই মুখ্যমন্ত্ৰী হৈছিলো। মই ৰাজ্যৰ দায়িত্ব লৈছিলো। কিন্তু এতিয়া হেমন্ত ছ’ৰেন পুনৰ আহিছে। আমাৰ মিত্ৰজোঁটে সিদ্ধান্ত লৈছে যে তেওঁক নেতা হিচাপে নিৰ্বাচিত কৰা হ’ব। গতিকে মই পদত্যাগ কৰিছো।”