![]()
কালিৰে পৰা লখিমপুৰত চলি থকা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশনত কাৰ্বি আংলং জিলাৰ দুগৰাকীকৈ ছাত্ৰনেতাক সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য চৰ্জুন হাঞ্চেক সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ।

আনহাতে সংগঠনটোৰ কাৰ্বি আংলং জিলাৰ সাধাৰণ সম্পাদক অৰ্ণৱজ্যোতি কাকতিক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে। কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপজ্যোতি দাস আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক মুকুল হাজৰিকাই আজি এক বিবৃতিযোগে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সমিতিত স্থান লাভ কৰা দুয়োগৰাকী ছাত্ৰনেতাকে অভিনন্দন জ্ঞাপন কৰে।
পাহাৰীয়া জিলাখনৰ পৰা দুজনকৈ ছাত্ৰনেতাই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত স্থান লাভ কৰাৰফলত সংগঠনটোৰ দায়িত্ব বৃদ্ধি পোৱাৰ লগতে ইয়াৰ ফলত জিলাখনৰ সমস্যাসমূহ অধিক সবলভাৱে উপস্থাপন কৰাৰ লগতে ইয়াৰ সমাধানৰ জৰিয়তে সমাজৰ ইতিবাচক পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰিব বুলি আশা প্ৰকাশ কৰে।













