
পাৰ্বত্য জিলা পশ্চিম কাৰ্বি আংলঙৰ (West Karbi Anglong) বৈঠালাংছ’ (Baithalangso) আৰক্ষী থানাৰ অন্তৰ্গত ৰাণ হাবাই গাঁৱৰ (Ran Habai village) পৰা চাৰিগৰাকী সন্দেহযুক্ত (Four suspects) নিচাজাতীয় ড্ৰাগছ সেৱনকাৰী (Drug user Arrested) চাৰিগৰাকী লোকক বৈঠালাংছ’ আৰক্ষীয়ে আটক কৰে৷ ৰাণ হাবাই গাঁৱৰ আলিছিঙিত উক্ত চাৰিগৰাকী লোকে ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত প্ৰথমতে স্থানীয় ৰাইজে আটক কৰে৷

ইয়াৰ পিছতেই হেডছিং ছেনাৰ (২৮), মাইকেল বে’ (২৮), ৰংছি-ইম টেৰন (২৭), জেনছিং বে’ (২৮) নামৰ চাৰিগৰাকী লোকক বৈঠালাংছ’ আৰক্ষীক চমজাই দিয়া হয়৷ আৰক্ষীয়ে উক্ত লোককেইজনৰ পৰা ১.৫ গ্ৰাম সন্দেহযুক্ত ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে, আৰক্ষীয়ে চাৰিওকে সোধপোছ কৰি এটি গোচৰ ৰুজু কৰি হামৰেণ জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে ৷













