
কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী থানাৰ আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৯ বজাত কাৰাগাঁও আৰক্ষী চকী এলেকাৰ বালিজান বি তিনিয়ালীত আৰক্ষীয়ে চলোৱা অভিযানত ড্ৰাগছসহ দুজন নগা যুৱকক আটক কৰে।

এক গোপন খবৰৰ ভিত্তিত কাৰাগাঁও আৰক্ষে চকীৰ আই চি ইমাৰন হুছেইনৰ নেতৃত্বত খটখটী থানাৰ এছ আই দেৱাশীষ বৰা আৰু অমৰজ্যোতি গগৈসহ আৰক্ষীৰ এটি দলে তৎকালীন বিশেষ তালাচী বহুৱাই অভিযান চলায়।
সেই সময়তে ডিমাপুৰ দিশৰ পৰা কাৰাগাঁও দিশে গৈ থকা এখন আই–20 (NL-07-H-2420) নম্বৰৰ বাহন তালাচী চলায়। তালাচীৰ সময়ত বাহনৰ কেবিনত লুকুৱাই অনা দুটা চাবোনৰ বাকচৰ ভিতৰত প্ৰায় ১৯.০৯ গ্ৰাম নিষিদ্ধ হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আটক কৰা দুয়োজন ড্ৰাগছ সৰবৰাহকাৰীক নগালেণ্ডৰ বাসিন্দা বুলি জানিব পৰা গৈছে।
আটক ব্যক্তিদ্বয় হৈছে ডিমাপুৰ জিলাৰ অৰিয়েণ্টেল কলোনীৰ নিৱাসী ইয়ানটিছু খিকন আৰু ওখা জিলাৰ মেককলা গাঁৱৰ নিবাসী ইয়ানমবেমো লথা। বৰ্তমান আৰক্ষীয়ে দুয়োজন অভিযুক্তক আটক কৰি ঘটনাটোৰ সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে।













