
খটখটী আৰক্ষীয়ে (Khatkhati Police) পুনৰ এক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে এগৰাকী মহিলাৰ পৰা ৩ কেজি ৩৬ গ্ৰাম গাঞ্জাৰ (3.35 kg Ganja) সৈতে ৬৬,২০০ টকা (Rs 66,200) নগধ ধন জব্দ (Seized) কৰে৷ প্ৰাপ্ত তথ্য মতে শনিবাৰে বিয়লি প্ৰায় ৪ বজাত খটখটী এলেকা লাহৰিজান লাইন হোটেল কাষত ভাৰাতীয়া ঘৰত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত খটখটী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সূৰ্য বৰা নেতৃত্বত উপ পৰিদৰ্শক দেৱাসীস বৰা, প্ৰিয়ংকা বৰদলৈ, থানা আন আৰক্ষীৰ সহযোগত এগৰাকী মহিলা ঘৰত অভিযান চলায়৷

এই অভিযানত প্ৰায় ৯৭ পেকেট গাঞ্জা আৰক্ষীয়ে উদ্ধাৰ কৰি৷ সেই গাঞ্জাখিনিৰ ওজন প্ৰায় ৩.৩৬ কিলোগ্ৰাম বুলি প্ৰকাশ৷ গাঞ্জাখিনিৰ লগতে নগধ ধন ৬৬,২০০ টকা আৰক্ষীয়ে জব্দ কৰে৷ গাঞ্জা সৰবৰাহকাৰী কাৰ্বি আংলং জিলাৰ লাহৰিজান নতুন বস্তিৰ মৃত লক্ষণ সৰকাৰৰ পত্নী উমা দেৱীক আটক কৰি তদন্ত অব্যাহত ৰাখিছে খটখটী আৰক্ষীয়ে।













