
কাৰ্বি আংলং (Karbi Anglong) জিলাৰ বকলীয়াঘাট (Bokoliaghat)ৰ জলসিঞ্চনৰ ভূমি (land of irrigation)ত শুকুৰবাৰে প্ৰশাসনৰ উচ্ছেদ অভিযান (Administration’s eviction drive)। যোৱা ২০ জানুৱাৰীত উক্ত ভূমিত ব্যাপক উচ্ছেদ অভিযান চলোৱাৰ পিছত শুকুৰবাৰে পুনৰ উচ্ছেদ অভিযান চলোৱা হয়। শুকুৰবাৰে সমগ্ৰ দিন ধৰি চলা উচ্ছেদ অভিযানত জলসিঞ্চনৰ ভূমিত অবৈধভাৱে নিৰ্মাণ কৰা চাৰিটাকৈ মন্দিৰ আৰু কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান প্ৰশাসনে উচ্ছেদ কৰে। আনহাতে, এই উচ্ছেদ অভিযানৰ পৰিপ্ৰেক্ষিতত পুৱাৰে পৰা বকলীয়াঘাট নগৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয়। অঞ্চলটোত আৰক্ষী আৰু চিআৰপিএফৰ বৃহৎ বাহিনী মোতায়েন কৰা হয়।

লগতে নগৰখনৰ মাজেৰে সকলোধৰণৰ যান-বাহনৰ চলাচল সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিয়া হয়। ইয়াৰ উপৰি নগৰখনৰ প্ৰৱেশ পথত নিৰাপত্তাৰক্ষীয়ে বেৰিকেড স্থাপন কৰি উচ্ছেদ অভিযান চলা স্থানৰ দিশে সাধাৰণ লোক তথা সাংবাদিকৰ প্ৰৱেশো নিষিদ্ধ কৰে। এই কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে শ্ৰীশ্ৰী ৰামজানকী মন্দিৰ, ৰামঠাকুৰ মন্দিৰ, বাঘেশ্বৰ ধাম শিৱ মন্দিৰ আৰু যমুনা জলসিঞ্চনৰ প্ৰকল্পৰ কাষত থকা এটা শিৱ মন্দিৰ প্ৰশাসনে উচ্ছেদ কৰে। ইয়াৰ উপৰি কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানতো প্ৰশাসনৰ বুলড’জাৰ চলে। উল্লেখ্য যে উচ্ছেদিত মন্দিৰকেইটা পুনৰ নিৰ্মাণৰ বাবে প্ৰশাসনে অন্য স্থানত ভূমি আবণ্টন দিয়া বুলি জানিব পৰা গৈছে।













