
কে চি এছ (KCS) আৰু কে ৱাই এফ(KYF)ৰ বহু প্ৰশংসিত গীত ‘কৰদম ডেংথা, অ’ কাৰ্বি আন’ৰ বিখ্যাত সুৰকাৰ তথা গীতিকাৰ ৰেভাৰেণ্ড হৰসিং ইংতিয়ে শেষ নিশ্বাস ত্যাগ কৰে। কাৰ্বি সংস্কৃতি, সাহিত্য আৰু সংগীতলৈ তেওঁৰ অৱদান অপৰিসীম। এই দুঃখজনক খবৰটোৱে সমগ্ৰ কাৰ্বি আংলং জিলাতে গভীৰ শোকৰ ছাঁ পেলাইছে।

ৰেভাৰেণ্ড হৰসিং ইংতি আছিল কাৰ্বি সমাজৰ এগৰাকী আদৰ্শৱান ব্যক্তি। কাৰ্বি কালচাৰেল ছ’চাইটি (KCS) আৰু কাৰ্বি য়’থ ফেষ্টিভেল (KYF)ৰ জনপ্ৰিয় গীত ‘কৰদম ডেংথা, অ’ কাৰ্বি আন’ৰ সুৰ আৰু কথা তেওঁৰেই সৃষ্টি। কাৰ্বি জনসাধাৰণৰ মাজত ঐক্য আৰু জাতীয়তাবাদ প্ৰতিষ্ঠা কৰাত তেওঁৰ এই গীতখনে বিশেষ ভূমিকা পালন কৰি আহিছে। তেওঁৰ বিয়োগত কাৰ্বি সমাজে এগৰাকী প্ৰকৃত সংস্কৃতিক কৰ্মী তথা এগৰাকী সন্মানীয় ব্যক্তিক হেৰুৱালে।
হৰসিং ইংতিৰ মৃত্যুত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ (KAAC) মুখ্য কাৰ্যবাহী সদস্য (CEM)তথা বিধায়ক ড° তুলিৰাম ৰংহাঙে গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ বিয়োগ কাৰ্বি জাতিৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে।













