
যুদ্ধক্ষেত্ৰত পাকিস্তান আৰু চীনৰ সৈতে মুখামুখি হোৱাৰ লগতে প্ৰতিৰক্ষা খণ্ডত আধুনিকীকৰণ, আত্মনিৰ্ভৰশীলতাৰ ওপৰতো ভাৰতে গুৰুত্ব দিছে। এই দুই লক্ষ্যৰ কথা মনত ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ‘অপাৰেচন সিন্দুৰ’ৰ পৰৱৰ্তী পৰ্যায়ত নতুন অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সঁজুলি ক্ৰয়ৰ প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ ওলাইছে। চৰকাৰী সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশিত বাতৰি অনুসৰি, শুকুৰবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ (Defence Minister Rajnath Singh)ৰ নেতৃত্বত অনুষ্ঠিত ‘প্ৰতিৰক্ষা সামগ্ৰী ক্ৰয় বিষয়ক কমিটী’ৰ (Defense Equipment Purchase Committee) বৈঠকত সেনাবাহিনীৰ বাবে ১ লাখ কোটিতকৈ অধিক মূল্যৰ অস্ত্ৰ-শস্ত্ৰ (Weapons) আৰু সামৰিক সঁজুলি (Military equipment) ক্ৰয়ৰ বাবে (For purchase) এক ‘প্ৰয়োজনীয়তা গ্ৰহণ’ প্ৰস্তাৱত অনুমোদন (Approval of the proposal) জনোৱাৰ সম্ভাৱনা আছে।
এই ‘প্ৰয়োজনীয়তা গ্ৰহণ’ প্ৰস্তাৱ অস্ত্ৰ বা সঁজুলি ক্ৰয়ৰ প্ৰত্যক্ষ নিৰ্দেশ নহয় যদিও ই সশস্ত্ৰ বাহিনীৰ প্ৰয়োজনীয়তাক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে আৰু নিবিদালৈ আমন্ত্ৰণ, মূল্যায়ন আৰু পৰৱৰ্তী চুক্তিৰ আলোচনাৰ জৰিয়তে ক্ৰয় প্ৰক্ৰিয়া আৰম্ভ কৰে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই জনোৱা মতে, শুকুৰবাৰে ডিএচিৰ বৈঠকত দাখিল হ’বলগীয়া প্ৰস্তাৱসমূহৰ ভিতৰত উত্তৰ আৰু পশ্চিম উভয় সীমান্তৰ পৰিৱৰ্তিত পৰিস্থিতি আৰু নিৰাপত্তাজনিত প্ৰত্যাহ্বানৰ পৰিপ্ৰেক্ষিতত সেনাবাহিনীৰ দ্ৰুত আধুনিকীকৰণৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিছে। বৰ্তমানৰ পৰিস্থিতিত সশস্ত্ৰ বাহিনীৰ তিনিওটা শাখা (স্থল, নৌসেনা আৰু বায়ুসেনা)ৰ অগ্ৰাধিকাৰ তালিকাত আত্মঘাতী (কামিকাজে) ড্ৰ’ন, ১৫৫ মিঃমিঃ হাউইটজাৰ (কামান), ভূমিৰ পৰা আকাশলৈ ক্ষেপণাস্ত্ৰ, সমৰসজ্জিত বাহন আৰু অত্যাধুনিক ইলেক্ট্ৰনিক যুদ্ধ সঁজুলিসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

থলুৱাভাৱে নিৰ্মিত ১৫৫ মিঃমিঃ, ৫২ কেলিবাৰ হাউৱিটজাৰ ‘কে-৯ বজৰা’ নামৰ সমৰসজ্জিত বাহনখনক ইতিমধ্যে ভাৰতীয় সেনাবাহিনীত অন্তৰ্ভুক্ত কৰা হৈছে। লাডাখৰ ওখ পাহাৰীয়া অঞ্চলৰ পৰা ৰাজস্থানৰ মৰুভূমিলৈকে এই কামানৰ ফলপ্ৰসূতাত সেনা সন্তুষ্ট। সূত্ৰই জনোৱা মতে, দক্ষিণ কোৰিয়াৰ কোম্পানী হানৱা টেকউইনৰ সহযোগত নিৰ্মিত আৰু অধিক বজ্ৰকঠোৰ এই অস্ত্ৰই এইবাৰ সেনাৰ অস্ত্ৰভাণ্ডাৰত স্থান পাব পাৰে। ‘কে-৯ বজ্ৰ’ কঢ়িয়াই নিয়া সমৰসজ্জিত বাহনখনো ভাৰতীয় কোম্পানী ‘লাৰ্চেন এণ্ড টাৰ্বো’-এ নিৰ্মাণ কৰিছে।
আনহাতে, সিন্দুৰ অভিযানৰ পিছৰে পৰা আক্রমণকাৰী ড্ৰ’নবোৰক সেনাই বিশেষ গুৰুত্ব দি আহিছে৷ এই উচ্চ শক্তিৰ চেন্সৰ সজ্জিত বিস্ফোৰক কঢ়িয়াই নিয়া ড্ৰ’নক (সামৰিক পৰিভাষাত ‘ল’টাৰিং মিউনিয়ন’) সাধাৰণতে কামিকাজে ড্ৰ’ন বুলি জনা যায়। লক্ষ্যত আঘাত কৰাৰ আগতে এটা নিৰ্দিষ্ট অঞ্চলৰ ওপৰত ই আকাশত উৰি থাকিব পাৰে। ফলত যুদ্ধৰ পৰিস্থিতিত এইবোৰ অতি ফলপ্ৰসূ হয়। প্ৰথম অৱস্থাত দিল্লীস্থিত প্ৰতিৰক্ষা সঁজুলি নিৰ্মাতা কোম্পানী এছএমপিপিয়ে ১০৬ খন ড্ৰ’ন যোগান ধৰিছিল। এই বৈঠকত দীঘলীয়া সীমান্ত অঞ্চলত নিয়োগ কৰাৰ বাবে কেইবাহাজাৰ ‘অগ্নিবেগ’ ক্ৰয়ৰ ক্ষেত্ৰতো নীতিগত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে।












