
অনশনৰ ১৯ সংখ্যক দিনত এতিয়াও মানসিক শক্তি অটুট আছে সোণম ৱাংচুকৰ (Sonam Wangchuk)। ‘থ্ৰী ইডিয়টছ’ খ্যাত শিক্ষাবিদ তথা সমাজকৰ্মীগৰাকীয়ে বুধবাৰে নিশা ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ প্ৰকাশ কৰে। ভিডিঅ’ মেছেজটোত তেওঁ কয়, “মোৰ স্বাস্থ্য ভাল নহয়। কিন্তু ইমানো বেছি বেয়া নহয়। এনে অৱস্থা নহয় যে দুই-চাৰিদিনত মোৰ মৃত্যু হ’ব।”
ভিডিঅ’ বাৰ্তাটোত ৱাংচুকে তেওঁৰ সমৰ্থকসকলক কৈছে, “মোৰ অনশন বন্ধ কৰিবলৈ অনুৰোধ কৰাৰ পৰিৱৰ্তে ২০ জুলাইত মোৰ সৈতে সংসদলৈ শান্তিপূৰ্ণ অভিযানত যোগদান কৰক।” মেডিকেল প্ৰৱেশ পৰীক্ষা নীটৰ (NEET) প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদ আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ২০ জুলাই (সোমবাৰে) ককৰোচ জনতা পাৰ্টীয়ে সংসদ অভিযান চলাবলৈ আহ্বান জনাইছে। সেইদিনাই আৰম্ভ হ’ব সংসদীয় অধিৱেশন। অনশন কৰি থকা ৱাংচুকে সকলোকে সংসদ অভিযানত যোগদান কৰিবলৈ আহ্বান জনাইছে। বুধবাৰে ককৰোচ জনতা পাৰ্টীয়ে ৱাংচুকৰ মেডিকেল বুলেটিন প্ৰকাশ কৰি কয় যে তেওঁৰ শৰীৰটো অতি দুৰ্বল। ৫৯ বছৰীয়া ৱাংচুকৰ ওজন দিনটোত ৪০০ গ্ৰাম হ্ৰাস পাই ৫৭.১৫ কিলোগ্ৰাম হৈছে। অনশন কৰাৰ পূৰ্বে ৱাংচুকৰ ওজন আছিল ৬৬ কিলোগ্ৰাম। বুধবাৰে তেওঁৰ ৰক্তচাপ আছিল ১০৫/৭৬। তেজৰ শৰ্কৰাৰ পৰিমাণ আছিল ৮০ মিলিগ্ৰাম। তেজৰ অক্সিজেনৰ মাত্ৰা আছিল ৯৭.শতাংশ।

নীট কেলেংকাৰীৰ পিছত ২০ জুনত ককৰোচ জনতা পাৰ্টীয়ে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত যন্তৰ-মন্তৰত প্ৰতিবাদ আৰম্ভ কৰে। ইয়াৰ সাত দিনৰ পাছত সোণম ৱাংচুকে অনশন আৰম্ভ কৰে। যদিও প্ৰথমতে জনসাধাৰণৰ মাজত বিশেষ উৎসাহ নাছিল, তথাপিও বিগত কেইদিনমানৰ পৰা ৱাংচুকৰ স্বাস্থ্যক লৈ উদ্বেগ বিয়পিবলৈ আৰম্ভ কৰিছে। যন্তৰ-মন্তৰতো বাঢ়িছে জনসমাগম। জুলাই মাহত দিল্লীৰ গৰমৰ মাজতো ৱাংচুকক চাবলৈ আহিছে ছাত্ৰ-ছাত্ৰী, অভিভাৱক, সাধাৰণ মানুহ, শিক্ষাবিদসকল। নীট প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত সমগ্ৰ দেশৰ কমেও ২০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
ইয়াৰে এগৰাকী ডেৰাডুনৰ ৰিয়া কুমাৰী থাপাৰ পিতৃ-মাতৃয়ে বুধবাৰে ফোন কৰি সোণমৰ স্বাস্থ্য সন্দৰ্ভত সোধা-পোছা কৰে। ৱাংচুকৰ সৈতে ছাত্ৰ সংগঠন আইছাৰ ছয়জন নেতাই আৰম্ভ কৰে অনশন। ইয়াৰে তিনিজনক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া হৈছিল। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা নেহা, এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা মনীষ, আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ পৰা আমিন নামৰ তিনিজন পিএইচডি ছাত্ৰয়ো বিগত ১৮ দিন ধৰি অনশন কৰি আছে। তেওঁলোকৰ শৰীৰত কিট’নৰ মাত্ৰা বৃদ্ধি পাইছে। ৱাংচুকৰ আন্দোলনত কাষত থিয় দিছে বিৰোধী নেতা আৰু সাংসদসল। সোমবাৰে ৱাংচুকৰ সংগ্ৰামৰ সমৰ্থনত লেখিকা অৰুন্ধতী ৰায়, অভিনেতা নাছিৰুদ্দিন শ্বাহ, ৰত্ন পাঠক শ্বাহ আৰু অৰ্থনীতিবিদ জয়তী ঘোষে যন্তৰ-মন্তৰত উপস্থিত হয়। লগতে সোণম আৰু অন্যান্য অনশনকাৰীক অনশন বন্ধ কৰিবলৈ অনুৰোধ জনায়।












