ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : সাৱধান ! আপোনাৰ গাড়ীৰ পঞ্জীয় হৈ আছে নে? যদি নাই সাৱধান ৷ কিয়নো এনে পঞ্জীয়নহীন যান-বাহনৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী আৰু জিলা পৰিবহন বিভাগ ৷ কাৰবি আংলঙৰ সদৰ চহৰ ডিফুত পঞ্জীয়নবিহীন যান-বাহনৰ বিৰুদ্ধে আজিৰে পৰা চলিছে মাৰাথান অভিযান ৷ হয়, মঙলবাৰে সন্ধিয়া সদৰ চহৰ ডিফুৰ প্ৰতিটো পুলিছ পইণ্টতে আচম্বিতে চলাইছে তালাছী অভিযান ৷ তালাচী অভিযান কালত কেইবাখনো বাহনৰ নথি-পত্ৰ অভিযানকাৰী দলটোৱে পৰীক্ষা কৰি পঞ্জীয়ন বিহীন ১০খন বাহন পৰিবহন বিভাগক চমজাই দিয়ে ৷
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত এনে পঞ্জীয়নহীন বাহনৰ বিৰুদ্ধে আৰক্ষী আৰু পৰিবহন বিভাগ অধিক কঠোৰ হ’ব বুলি কয় ৷ নথি-পত্ৰ পৰীক্ষা কৰি পঞ্জীয়নহীন বাহন বুলি প্ৰমাণিত হ’লে আইনমতে সেইসমূহ বাহনৰ ওপৰত যথা বিহীত ব্যৱস্থা গ্ৰহণ কৰা হ’ব লগতে এই অভিযান চলি থাকিব বুলি জানিব দিয়ে ৷ আজিৰ তালাচী অভিযানৰ নেতৃত্ব দিয়ে কাৰবি আংলং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, জিলা পৰিবহন বিষয়া বিক্ৰমাদিত্য গগৈ লগতে অভিযানত সহযোগ কৰে ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথ আৰু এমভি আই এইছ শইকীয়া আৰু সংগীয় ষ্টাফে ৷