ASSAM TIMES POST
নিউজ ডেক্স
গণতন্ত্ৰ দিৱসৰ দিনা পাঁচটাকৈ বিস্ফোৰণে কপালে অসম৷ দেওবাৰে পুৱা উজনি অসমত বিস্ফোৰণ হয় বোমাকেইটা৷ ইয়াৰে এটা ডিব্ৰুগড়ৰ আস্থা হাস্পতালৰ কাষত আৰু আন এটা গুৰুদ্বাৰৰ ওচৰৰ এ টি ৰ’ডত কম ক্ষমতাসম্পন্ন বোমা বিস্ফোৰণ হয়৷ তদুপৰি ডুমডুমা, দুলীয়াজান আৰু সোণাৰিত বোমা বিস্ফোৰণ হয়৷
ইপিনে, বোমা বিস্ফোৰণৰ পাছতে বিস্ফোৰণ হোৱা স্থানত নিৰাপত্তা বাহিনীৰ লোক উপস্থিত হয়গৈ৷ বাতৰি লিখা পৰ্যন্ত বোমা বিস্ফোৰণ কোনে ঘটাইছে জানিব পৰা নাই৷ আনহাতে বোমা বিস্ফোৰণ কোনে ঘটাইছে তাৰো দায়িত্ব স্বীকাৰ কৰা নাই৷













