
উজনি অসমৰৰ ভয়াৱহ বানৰ (Upper Assam Flood) কৱলত পৰা ৰাইজলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই ঘোষণা কৰা ১৫ হাজাৰকৈ অন্তৰ্ৱৰ্তীকালীন বান সাহায্যৰ ধন (Flood relief fund) বিতৰণৰ কাৰ্যসূচী সোমবাৰে মুখ্যমন্ত্ৰীয়ে মুকলি (Release on Monday) কৰে। উল্লেখ্য যে উজনি অসমৰ বান পৰিস্থিতি অধ্যয়নৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে দেওবাৰে ডিব্ৰুগড়ত উপস্থিত হয় মুখ্যমন্ত্ৰী। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়ত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে সোমবাৰে ঘোষিত বান সাহায্যৰ প্ৰথম কিস্তিৰ ধন আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ দ্বাৰা উজনি অসমৰ চাৰিখন জিলাৰ বানপীড়িত পৰিয়ালসমূহে ১৫ হাজাৰ টকাকৈ অন্তৱৰ্তীকালীন সাহায্য লাভ কৰিব। এই সাহায্য আঁচনিৰ অধীনত চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাটৰ প্ৰায় ৬২,৬৯৬ হাজাৰ বানাক্ৰান্ত পৰিয়ালে এই ধন লাভ কৰিব।

উল্লেখ্য যে শিৱসাগৰ জিলাৰ ৩৫,২৯৮, চৰাইদেউ জিলাৰ ১৯,৮৮৩, গোলাঘাট জিলাৰ ২,৫৯৩ আৰু যোৰহাট জিলাৰ মুঠ ৪,৯২২টা পৰিয়ালে চৰকাৰৰ পৰা ১৫ হাজাৰকৈ টকা লাভ কৰিব। আনহাতে, পৰৱৰ্তী সময়ত দ্বিতীয় পৰ্যায়ত বানত ১০ হাজাৰ টকাকৈ বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জনায়। ইয়াৰ উপৰি বানপীড়িত জিলাসমূহৰ ৰাইজে যাতে বীমাৰ দাবী সহজে কৰিব পাৰে আৰু বীমাৰ ধন সোনকালে লাভ কৰিব পাৰে তাৰ বাবে বীমা কোম্পানীসমূহৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে আলোচনা কৰা বুলিও জানিবলৈ দিয়ে। ইফালে বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহলৈ ২ লাখকৈ আৰু নামঘৰ-মন্দিৰসমূহক ১.৫ লাখকৈ দিয়া হ’ব বুলিও ঘোষণা কৰে।













