
ৰাজ্যৰ বান পৰিস্থিতি (Assam Flood) সন্দৰ্ভত পুনৰ এবাৰ ফেচবুক লাইভৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাইজক কিছু কথা ব্যক্ত কৰে৷ এইবাৰৰ বক্তব্যত বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাই স্থান লাভ কৰে। মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে ৰখা বক্তব্যৰ সাৰাংশ তলত দিয়া হৈছে:

# শেহতীয়া বানত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত ১৯ টা ৰাজহ চক্ৰৰ ১,১৩১ খন গাঁও প্লাৱিত হৈছে ৷ ৯,৯৬,০৬৬ গৰাকী লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছে ৷
# চৰকাৰে ১৮৫ টা সাহায্য শিবিৰ পৰিচালনা কৰিছে আৰু বৰ্তমানেও ৬৭,৬৯৭ গৰাকী ব্যক্তি সাহায্য শিবিৰত আছে।
# ৩৯৭ টা অংগনৱাড়ী কেন্দ্ৰ, ৫৯৮ খন বিদ্যালয় আৰু কেইবাটাও চৰকাৰী আন্তঃগাঁথনিৰ বানত ক্ষতি হৈছে৷
# চৰকাৰে এতিয়ালৈকে ১৯,৪৬৯ কুইণ্টল চাউল, ৩,৬২২ কুইণ্টল দালি আৰু ৮৪,০০০ লিটাৰ মিঠাতেল সাহায্য হিচাপে দিছে৷
# প্ৰতিটো পৰিয়ালক সাহায্য সামগ্ৰীৰ এটা কিট প্ৰদান৷ প্ৰতিটো কিটত ৮ কেজি চাউল, ২ কেজি দালি, এক লিটাৰ মিঠাতেল, ৫০০ গ্ৰাম নিমখ আৰু এক পেকেট মমবাতি আছে৷
# এতিয়ালৈকে শিৱসাগৰ জিলাত ২,৩৭,৫১৩ টা কিট আৰু চৰাইদেউ জিলাত ৬৩,০০০ টা কিট দিয়া হৈছে।
# অৰুণোদয় আঁচনি, বানপীড়িতৰ পৰিয়াললৈ অন্তৱৰ্তীকালীন সাহায্যৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিছে।
# অনতিপলমে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ বানপীড়িত ৰাইজৰ বেংক একাউণ্টত সেই ধন জমা হ’ব৷
# বিনামূলীয়া ইউনিফৰ্ম যোগানৰ কাম সোনকালে আৰম্ভ হ’ব আৰু তালিকা প্ৰস্তুত কৰি থকা হৈছে।
# বিভিন্ন শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ অনুদানৰ তালিকাও প্ৰস্তুত কৰি থকা হৈছে৷
# বেংক ঋণ সম্পৰ্কত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা৷
# বিত্তমন্ত্ৰীৰ পৰামৰ্শমৰ্মে এছএলবিচিৰ বৈঠকত ভাৰতীয় ৰিজাৰ্ভ বেংক, নাবাৰ্ডকে আদি কৰি সকলো বেংকৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা৷
# বেংকৰ তথ্য মতে, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটত ৩.১৮ লাখ সক্ৰিয় বেংক একাউণ্টত থকা ঋণৰ পৰিমাণ ১১,৪০০ কোটি৷
# এই ঋণত আছে কৃষি ঋণ, আত্মসহায়ক গোটৰ মহিলাসকলৰ ঋণ, লঘু তথা ক্ষুদ্ৰ উদ্যোগীৰ ঋণ আদি৷
# বানাক্ৰান্ত পৰিয়ালসমূহক ১৫,০০০ টকাৰ অন্তৱৰ্তীকালীন সাহায্য প্ৰদান কৰা হ’ব।
# কৃষি, তাঁতশাল আদি ক্ষতিসাধন হোৱা ক্ষেত্ৰসমূহত ৰাজ্য চৰকাৰে কেনেধৰণে সহায় কৰিব পাৰে তাৰ সমীক্ষা চলোৱা হ’ব৷ ৭ আগষ্টৰ পৰা আৰম্ভ হ’ব এই সমীক্ষা৷
# মহিলা উদ্যমিতা আঁচনি সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বানাক্ৰান্ত এলেকাৰ মহিলাসকলক পূৰ্বে দিয়া ১০ হাজাৰ টকা বানত নষ্ট হোৱাৰ প্ৰতি দৃষ্টি ৰাখি আন এক আঁচনি শীঘ্ৰে প্ৰস্তুত কৰি ঘোষণা কৰা হ’ব।
# শিৱসাগৰ, চৰাইদেউৰ একাধিক নামঘৰৰ চিন-মোকাম নোহোৱা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সেইসমূহ মেৰামতিৰ বাবদ ১,৫০,০০০ টকাৰ অন্তৱৰ্তীকালীন অনুদান ঘোষণা৷ অসম দৰ্শন আঁচনিৰ অধীনত লাভ কৰিব এই ধন৷ প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰাও ধন আগবঢ়োৱা হ’ব৷
# প্ৰাথমিক বিদ্যালয়, মাধ্যমিক বিদ্যালয়, কলেজ আৰু আন প্ৰতিষ্ঠানসমূহৰ ক্ষয়-ক্ষতিৰ এককালীন সাহায্য মুখ্যমন্ত্ৰীয়ে শীঘ্ৰে ঘোষণা কৰিব৷
# অসমৰ বানাক্ৰান্ত ৰাইজক কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মিলি সহায় আগবঢ়োৱাৰ বাবে মুখ্যমন্ত্ৰীক প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ।
# মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত বৃহস্পতিবাৰেই ১০,০৯,৯৯,৬০২ কোটি টকা জমা৷ এই ধন শিৱসাগৰ আৰু চৰাইদেউলৈ প্ৰেৰণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীৰ ঘোষণা৷












