
অসমৰ বান পৰিস্থিতি (Assam Flood) কিছু উন্নত হৈছে যদিও ৮ খন জিলা এতিয়াও বানৰ কৱলত। আনহাতে, শেহতীয়া তথ্য মতে, চলিত বানত এতিয়ালৈকে ৮০ জন লোকৰ মৃত্যু হৈছে। বান কৱলিত ৮খন জিলা হৈছে গোলাঘাট, শিৱসাগৰ, বিশ্বনাথ, চৰাইদেউ, কামৰূপ (গ্ৰাম্য), যোৰহাট, ধেমাজি আৰু নগাঁও।

এই জিলাকেইখনৰ মুঠ ২,১২,৪৪১ গৰাকী লোক বানত ক্ষতিগ্ৰস্ত হৈছে। আনহাতে, ১৭১৯৮.০৯ হেক্টৰ কৃষিভূমিও এই বানত ক্ষতিগ্ৰস্ত হৈছে। বানৰ বাবে স্থাপন কৰা সাহায্য আৰু আশ্ৰয় শিবিৰত কেইবা হাজাৰো লোকে আশ্ৰয় লৈ আছে।












