
বিভীষিকাময় বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলালৈ পুনৰ অশনি সংকেত আহিছে। কিয়নো নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্যৰ ওপৰত ভিত্তি কৰি অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰা এক বিজ্ঞপ্তি মতে, ৩০ জুলাইৰ পৰা ১ আগষ্টলৈকে নাগালেণ্ডৰ মন, মককচুং আৰু ৱাখা জিলাত ধাৰাসাৰ বৰষুণ হ’ব।
ইফালে অৰুণাচল প্ৰদেশৰ পাপুমপাৰে, পূব ছিয়াং, নামচাই, লোহিত, লংডিং, লৱাৰ দিবাং ভেলী, লৱাৰ সোৱণশিৰিত বৰষুণ হ’ব। ফলত চৰাইদেউ, শিৱসাগৰ জিলাৰ লগতে লখিমপুৰ, ধেমাজি আৰু বিশ্বনাথ জিলাতো ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে সতৰ্কতা অৱলম্বন কৰিবলৈ জনাইছে।












