
অসমৰ ৩৭.১ লাখ মহিলাই এইবাৰ ১ তাৰিখেই লাভ কৰিব অৰুণোদয়ৰ ধন (Orunudoi Scheme)। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে এই ধন প্ৰতিমাহৰ ১০ তাৰিখে লাভ কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে।

তেওঁ কয় যে আগষ্ট মাহৰ ১ তাৰিখে অৰুণোদয়ৰ ধন মহিলাসকলৰ একাউণ্টত সোমাব। মুখ্যমন্ত্ৰীয়ে লগতে জনাই যে বানত ক্ষতিগ্ৰস্ত অঞ্চলৰ মহিলা হিতাধিকাৰীসকলে দুমাহৰ অৰ্থাৎ ২৫০০ কৈ আৰু আনসকলে ১২৫০ টকাকৈ লাভ কৰিব।
চৰকাৰে যোগ্য হিতাধিকাৰীৰ বেংক একাউণ্টত এই ধন প্ৰত্যক্ষভাৱে প্ৰদান কৰিব। উল্লেখযোগ্য যে বানাক্ৰান্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ হিতাধিকাৰীসকলে এই মাহত ২৫০০ টকা লাভ কৰিব।
এইখিনিতে উল্লেখ কৰিবলগীয়া যে আগষ্ট মাহৰ প্ৰথম সপ্তাহত নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ আৰম্ভ হ’ব। এই আঁচনি দুখনৰ জৰিয়তে অক্টোবৰ মাহত ৫ লক্ষাধিক ছাত্ৰ-ছাত্ৰীক ৩০০ কোটিৰো অধিক আৰ্থিক সাহায্য প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
আনহাতে, ১০ আগষ্টৰ পৰা ৰাজসাহায্যযুক্ত ৰেচন আঁচনিৰ অধীনত ৭০ লক্ষাধিক হিতাধিকাৰীয়ে বিনামূলীয়া ৰেচনৰ সৈতে মাত্ৰ ১০০ টকা মূল্যত ১ কেজি মচুৰ দাইল আৰু ৰেহাই মূল্যত ১ কেজি চেনিও লাভ কৰিব।












