
বিচাৰাধীন ড্ৰাগছৰ গোচৰ (Case of drugs under trial)ৰ বিচাৰ ক্ষিপ্ৰ কৰাৰ প্ৰচেষ্টা হাতত লৈছে কেন্দ্ৰই। কিছুমান ৰাজ্যত ৫০-৬০ হাজাৰ গোচৰ চলি আছে। এনে পৰিস্থিতিত কেন্দ্ৰই (Central Govt.) সকলো ৰাজ্যকে ড্ৰাগছৰ গোচৰৰ শুনানি গ্ৰহণৰ বাবে বিশেষ আদালত গঠনৰ (Formation of a special court) ওপৰত জোৰ দিবলৈ কৈছে।
যোৱা মাহত গৃহ মন্ত্ৰালয়ৰ বৈঠকত প্ৰকাশ পাইছিল যে দেশৰ ২২ খন ৰাজ্যত ড্ৰাগছৰ গোচৰৰ বাবে কোনো বিশেষ আদালত গঠন কৰা হোৱা নাই। ইয়াৰ পিছত কেন্দ্ৰীয় চৰকাৰে এই প্ৰস্তাৱ আগবঢ়ায়। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ এক প্ৰতিবেদন অনুসৰি, দেশত এতিয়াও প্ৰায় ৩ লাখ ৯৬ হাজাৰ ড্ৰাগছৰ গোচৰ বিচাৰাধীন হৈ আছে। যোৱা মাহত গৃহ মন্ত্ৰণালয়ৰ বৈঠকত প্ৰকাশ পাইছে যে পঞ্জাবত সৰ্বাধিক ড্ৰাগছ আক্ৰান্ত (প্ৰায় ৬০,০০০)। কিন্তু উক্ত ৰাজ্যখনতো ড্ৰাগছৰ গোচৰৰ কোনো বিশেষ আদালত নাই। কেন্দ্ৰই পঞ্জাবত পাঁচখন বিশেষ আদালত স্থাপনৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ সৈতে জড়িত গোচৰৰ শুনানিৰ বাবে কেৰালাত দুখন বিশেষ আদালত আছে। তাতো প্ৰায় ৫০ হাজাৰ গোচৰ বিচাৰাধীন হৈ আছে।

দক্ষিণৰ এই ৰাজ্যখনক আৰু ৯ খন বিশেষ আদালত স্থাপন কৰিবলৈ কোৱা হৈছে। ওড়িশা, তামিলনাডু আৰু কৰ্ণাটক আৰু পশ্চিমবংগতো যথেষ্ট গোচৰ চলি আছে। ওড়িশাত প্ৰায় ১৭ হাজাৰ আৰু তামিলনাডু আৰু কৰ্ণাটকত প্ৰায় ১৫ হাজাৰ গোচৰ বিচাৰাধীন হৈ আছে। সূত্ৰ অনুসৰি, ওড়িশাৰ বিষয়াসকলে বৈঠকত কয় যে ৰাজ্যখনত চলিত বৰ্ষত ৮ খন বিশেষ আদালত গঠন কৰা হৈছে। অহা বিত্তীয় বৰ্ষত আৰু ৭ খন স্থাপনৰ পৰিকল্পনা কৰা হৈছে।
সম্প্ৰতি তামিলনাডুত পাঁচখন আৰু কৰ্ণাটকত ৩ খন বিশেষ আদালত আছে। কেন্দ্ৰই ক্ৰমে আৰু ছখন আৰু আঠখন বিশেষ আদালত স্থাপনৰ পৰামৰ্শ আগবঢ়াইছে। একেদৰে মধ্যপ্ৰদেশতো ছখন বিশেষ আদালত স্থাপনৰ প্ৰস্তাৱ দিয়া হৈছে। আনহাতে, পশ্চিমবংগত পাঁচখন এনে বিশেষ আদালত স্থাপনৰ নিৰ্দেশ দিছে।
চৰকাৰী সূত্ৰ অনুসৰি, ২০১৪ চনৰ পৰা ড্ৰাগছৰ গোচৰ বৃদ্ধি পোৱাৰ লগে লগে গ্ৰেপ্তাৰৰ সংখ্যাও বৃদ্ধি পাইছে। ইণ্ডিয়ান এক্সপ্ৰেছৰ তথ্য অনুসৰি, ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত দেশত ১.৭৩ লাখ ড্ৰাগছৰ গোচৰ পঞ্জীয়ন হৈছিল। ১.৯৫ লাখ লোকক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পিছত ২০১৪ চনৰ পৰা ২০২৬ চনৰ ভিতৰত গোচৰৰ সংখ্যা ৮.৭৫ লাখলৈ বৃদ্ধি পায়। আনহাতে, ১০.৯৭ লাখ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়। এনে পৰিস্থিতিত বিভিন্ন ৰাজ্যত বিচাৰাধীন গোচৰৰ সংখ্যা চিন্তনীয় বুলি বিবেচিত হৈছে। সেইবাবেই ড্ৰাগছৰ গোচৰৰ শুনানিৰ বাবে বিশেষ আদালত গঠনৰ ওপৰত কেন্দ্ৰই জোৰ দিছে।













