
হাৰিয়ানাৰ ফৰিদাবাদত এগৰাকী বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ হত্যাকাণ্ডৰ (Faridabad Teacher murder) নতুন তথ্য পোহৰলৈ (New information light) আহিছে। দুমাহ ধৰি হত্যাৰ ষড়যন্ত্ৰ কৰিছিল অভিযুক্তই। তাৰ পিছত সোমবাৰে শিক্ষয়িত্ৰীগৰাকীৰ বিদ্যালয় পায়হি হত্যাকাৰী। এগৰাকী বিদ্যালয়ৰ কৰ্মচাৰীক অভিযুক্ত অমিতে শিক্ষয়িত্ৰী সন্ধ্যাৰ স্বামী বুলি পৰিচয় দিয়ে। আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁ বিদ্যালয়ৰ কৰ্মচাৰীজনক সন্ধ্যাক ফোন কৰিবলৈ অনুৰোধ জনায়।
ইয়াৰ পিছতে বিদ্যালয়ৰ কৰ্মচাৰীজনে সন্ধ্যাক খবৰ দিবলৈ যায়। তথ্য লাভ কৰাৰ লগে লগে শিক্ষয়িত্ৰীগৰাকী শ্ৰেণীকোঠাৰ পৰা ওলাই বিদ্যালয়ৰ বাহিৰলৈ যায়। ইফালে স্কুলৰ গে’টৰ বাহিৰত ৰৈ আছিল অমিত। চকু আৰু মুখখন ঢাকি থোৱা আছিল। সন্ধ্যা স্কুলৰ পৰা ওলাই অহাৰ লগে লগে অমিতে ছুৰী লৈ তেওঁৰ ওপৰত জঁপিয়াই পৰে। অভিযোগ অনুসৰি, ইয়াৰ পিছতে তেওঁ ৩২ ছেকেণ্ডত ছুৰীৰে ২০ বাৰকৈ সন্ধ্যাক আঘাত কৰে। সন্ধ্যাই নিজৰ জীৱন বচাবলৈ চিঞৰিবলৈ ধৰাত অধ্যক্ষ তেজপাল শৰ্মা ওলাই আহি আক্ৰমণকাৰীক বাধা দিবলৈ চেষ্টা কৰে। কিন্তু তেওঁকো ছুৰীৰে আঘাত কৰাৰ অভিযোগ উঠিছে।

সন্ধ্যা আৰু বিদ্যালয়ৰ অধ্যক্ষগৰাকীক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসকে সন্ধ্যাক মৃত ঘোষণা কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, সন্ধ্যাই বিকি নামৰ এজন যুৱকৰ প্ৰেমত পৰিছিল আৰু ১০ বছৰ পূৰ্বে তেওঁৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। ৯ বছৰীয়া পুত্ৰ আৰু সাত বছৰীয়া কন্যা সন্তান আছে তেওঁলোকৰ। সন্ধ্যাই কোটগাঁৱৰ এখন স্কুলত শিক্ষকতা কৰিছিল। স্থানীয় যুৱক অমিত তালৈ নিয়মীয়াকৈ আহিছিল।
অভিযোগ অনুসৰি, অমিতে সন্ধ্যাক হাৰাশাস্তি কৰিছিল। সন্ধ্যাৰ স্বামী বিকিয়ে এই সন্দৰ্ভত থানাত এজাহাৰো দাখিল কৰে। ইয়াৰ পিছত আৰক্ষীয়ে দুয়োপক্ষক ফোন কৰি বিষয়টোত বুজাবুজি কৰায়। কিন্তু তাৰ পিছতো সন্ধ্যাই নিজৰ গাঁৱত উপস্থিত হোৱাৰ লগে লগে অমিতে স্বামীক মাৰপিট কৰা বুলি অভিযোগ উঠিছে। অমিতৰ অত্যাচাৰত বিৰক্ত হৈ দুয়ো গাঁও এৰি যায় ৷ আনকি সন্ধ্যাই স্কুলৰ চাকৰিও এৰি দিয়ে। ইয়াৰ পিছত পৰিয়ালৰ সৈতে সন্ধ্যাই ছিকোৰ্ণালৈ গুচি যায়। তাতে এখন স্কুলত তেওঁ পঢ়াবলৈ আৰম্ভ কৰে।
ইফালে সন্ধ্যাৰ তথ্য বিচাৰি উলিয়াই অমিতো গৈ তাত উপস্থিত হয়। তেওঁ গোপনে তেওঁৰ পিছ ল’বলৈ ধৰে। তেওঁ কেতিয়া স্কুললৈ যাব আৰু কেতিয়া ঘৰলৈ উভতি আহিব তাৰো খবৰ ৰাখিছিল। ইয়াৰ পিছত সোমবাৰে অমিত স্কুল পায়হি। তেওঁ নিজকে সন্ধ্যাৰ স্বামী বুলি পৰিচয় দিয়ে। সন্ধ্যা শ্ৰেণীকোঠাৰ পৰা ওলাই অহাৰ লগে লগে অমিতে তেওঁক ছুৰীৰে ঘপিয়াই হত্যা কৰে।













