ASSAM TIMES POST
অজন্তা তালুকদাৰ, বোকাখাত : খেল’ ইণ্ডিয়াত উজলিল বোকাখাত সন্তান বিক্ৰম চাংমাই। দিল্লীক প্ৰতিনিধিত্ব কৰি খেল’ ইণ্ডিয়াত সাঁতুৰি ৩ টা সোণ আৰু ১টা ব্ৰঞ্জৰ পদক, মুঠ ৪ টা পদকেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠা বোকাখাতৰ সন্তান বিক্ৰম চাংমাই যোৱা ২৩ জানুৱাৰীত বোকাখাতত উপস্থিত হোৱাৰ পাছত বোকাখাতৰ ধনশ্ৰী ক্লাবৰ উদ্যোগত ক্লাবৰ প্ৰাংগনত এটি ফুলৰ থোপা, শৰাই আৰু সম্বৰ্দ্ধনা পত্ৰৰে সম্বৰ্দ্ধনা জনোৱা হয়।
বিক্ৰমে বোকাখাত সাঁতোৰ কেন্দ্ৰৰ পৰাই সাঁতোৰৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল ৷ বৰ্তমান দিল্লীৰ স্পৰ্টচ অথৰিটি অব ইণ্ডিয়াৰ অধীনত প্ৰশিক্ষণৰত বিক্ৰম বোকাখাত নিবাসী শান্তনু চাংমাই আৰু মিনু চাংমাই জ্যেষ্ঠ সন্তান। উল্লেখ্য যে বিগত ২০১৯ বৰ্ষৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসত বোকাখাত মহকুমা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্দ্ধিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ উদীয়মান আৰ্চাৰী খেলুৱৈ বিক্ৰমৰ ভাতৃ বিশাল চাংমাই-এ খেল’ ইণ্ডিয়াত মহাৰাষ্ট্ৰৰ পৰা আৰ্চাৰীত প্ৰতিনিধিত্ব কৰিছিল যদিও বিশেষ শাৰিৰীক অসুস্থতাৰ বাবে প্ৰতিযোগিতাত অংশ লোৱাৰ পৰা বঞ্চিত হ’ল ৷
সম্বৰ্দ্ধনা অনুষ্ঠানত ধনশ্ৰী ক্লাবৰ বিষয় ববীয়া আৰু সদস্য সকল, বিক্ৰমৰ পিতৃ মাতৃৰ লগতে যথেষ্ট সংখ্যক স্থানীয় গণ্যমান্য ব্যক্তি উপস্থিত থাকি সন্তৰক গৰাকীলৈ সম্বৰ্দ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে।













