ভাৰতত বৃদ্ধি পাইছে লিম্ফোমা কেন্সাৰ। যিটো এতিয়া ভাৰতৰ চিকিৎসকসকলৰ বাবে অতিশয় চিন্তাৰ কাৰণ হৈ পৰিছে। লিম্ফোমা হ’ল লসিকাতন্ত্ৰত হোৱা কৰ্কট ৰোগ। লসিকাতন্ত্ৰ হৈছে গ্ৰন্থিৰ এখন জাল। শ্বেত ৰক্তকণিকাবোৰে সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দি শৰীৰক সুৰক্ষা প্ৰদান কৰে। এই লিম্ফোমা কেন্সাৰে ইয়াক সহজেই ধ্বংস কৰি পেলায়।
লিম্ফোমা সাধাৰণতে দুবিধ। হডকিন আৰু নন-হজকিন। সকলো লিম্ফোমা ৰোগীৰে লিম্ফ ন’ড ফুলা, ৰাতি ঘাম ওলোৱা, ওজন কমি যোৱা, কাহ, উশাহ লোৱাত কষ্ট, পেটৰ বিষ বা বদহজম, ভাগৰুৱা, সংক্ৰমণৰ আশংকা আদি সাধাৰণ লক্ষণ দেখা যায়। লিম্ফোমাৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই। আন প্ৰকাৰৰ কেন্সাৰৰ দৰে লিম্ফোমাতো অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হোৱা কোষৰ অস্বাভাৱিক বৃদ্ধি জড়িত হৈ থাকে।
ডিঙি, কান্ধ, ডিঙিৰ তলত বা শৰীৰৰ অন্যান্য অংশৰ এটা বা ততোধিক লিম্ফ ন’ডত অস্বাভাৱিক লিম্ফোচাইটৰ বৃদ্ধি হয়। লিম্ফোমাৰ লক্ষণসমূহ হ’ল লিম্ফ ন’ড ফুলা। ইয়াৰ উপৰি লিম্ফোমা ৰোগীয়ে ৰাতি ঘামচি ওলোৱা, ওজন কমি যোৱা, উচ্চ উষ্ণতা, কাহ আৰু উশাহ লোৱাত কষ্ট আৰু ধাৰাবাহিক খজুৱতি আদি অনুভৱ কৰিব পাৰে। সাধাৰণতে লিম্ফোমাৰ চিকিৎসাত কেমোথেৰাপি, ৰেডিঅ’থেৰাপি আৰু ষ্টেৰইড ঔষধেৰে কেমোথেৰাপি কৰা হয়।
লিম্ফোমাৰ পৰ্যায় জানিবলৈ চিকিৎসকৰ পৰামৰ্শৰ ওপৰত সঠিক চিকিৎসা নিৰ্ভৰ কৰে। কিন্তু ভাৰতৰ দৰে জনবহুল দেশত এই ধৰণৰ লক্ষণ দেখা পোৱাটো এজন ব্যক্তিৰ এই ধৰণৰ কেন্সাৰ হোৱাৰ নিশ্চিত লক্ষণ। গতিকে আগতীয়াকৈ বুজি নাপালে এই কৰ্কট ৰোগ প্ৰতিৰোধ কৰাটো প্ৰায় অসম্ভৱ বুলি চিকিৎসকসকলে কয়।