গৰমৰ দিনত কুঁহিয়াৰৰ ৰস (Sugarcane Juice) অত্যন্ত জনপ্ৰিয়, কিয়নো ই পুষ্টিকৰ আৰু শৰীৰক ঠাণ্ডা কৰি ৰাখে। তথাপি, ডায়বেটিছ ৰোগীৰ বাবে ইয়াৰ উচ্চ চুক্ৰ’জৰ মাত্ৰাই তেজত শর্কৰাৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে।

এগিলাচ কুঁহিয়াৰ ৰসত ১৮০ কেলৰি, ৭৫% পানী, ১৫% চুক্ৰ’জ আৰু ১৫% আঁহ থাকে, যাৰ ফলত অধিক সেৱনে শৰ্কৰাৰ মাত্ৰা তীব্ৰভাৱে বৃদ্ধি কৰিব পাৰে। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ (ICMR) আৰু নেচনেল ইনষ্টিটিউট অৱ নিউট্ৰিচন (NIN)ৰ নিৰ্দেশনা অনুসৰি, ডায়েবেটিছ ৰোগীয়ে কুঁহিয়াৰৰ ৰস সাৱধানতাৰে খোৱাৰ পৰামৰ্শ দিয়ে।
তথাপি, বিশেষ উপাদানৰ মিশ্ৰণৰ সৈতে কুঁহিয়াৰৰ ৰস সুৰক্ষিতভাৱে খোৱাৰ সুবিধা থাকে, যিয়ে তেজত শর্কৰাৰ মাত্ৰা নিয়ন্ত্রণত ৰাখে আৰু শৰীৰৰ ক্ষতি নকৰে।
কুঁহিয়াৰৰ ৰস আৰু নাৰিকল পানীৰ মিশ্ৰণ তৈয়াৰ কৰি, আধা গিলাচ কুঁহিয়াৰৰ ৰসৰে আধা গিলাচ নাৰিকল পানী মিহলাই এক চামুচ ডালচেনিৰ গুৰি যোগ কৰক। ১০০ মিলিলিটাৰ কুঁহিয়াৰ ৰসত ১৩-১৫ গ্ৰাম ফ্ৰুক্ট’জ আৰু চুক্ৰ’জ থাকে, কিন্তু এই মিশ্ৰণে চুক্ৰ’জৰ মাত্ৰা বৃদ্ধি ৰোধ কৰে। এই পানীয়টি ডায়েবেটিছ রোগীৰ বাবে নিৰাপদ আৰু শৰীৰৰ হাইড্ৰেচন বজাই ৰাখে।
আন এটা মিশ্ৰণ হৈছে কুঁহিয়াৰ ৰস আৰু আমলখিৰ ৰসৰ। এক কাপ কুঁহিয়াৰ ৰসৰ সৈতে আধা কাপ আমলখিৰ ৰস মিশ্রণ কৰি সামান্য নিমখ যোগ কৰক। এই মিশ্ৰণে শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণ কৰিলে আৰু শৰীৰৰ ডিটক্সত সহায় কৰে। আমলখি আৰু কুঁহিয়াৰৰ ৰসত পটাচিয়াম, কেলচিয়াম, মেগনেছিয়াম, আয়ৰণ আৰু ভিটামিন চি সমৃদ্ধ থাকে, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু শৰীৰক শক্তিশালী কৰে।
আনহাতে, আন এক মিশ্ৰণ হৈছে কুঁহিয়াৰৰ ৰসৰ ডিটক্স শ্বট। কুঁহিয়াৰৰ ৰসৰে আটাইতকৈ সৰু গিলাচত আধা চামুচ কেঁচা হালধিৰ ৰস, এক ইঞ্চি আদাৰ ৰস আৰূ আধা চামুচ ক’লা জলকীয়া মিহলাই খাওক। এই শ্বটে শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণত সহায় কৰি, হালধি আৰু আদাৰ প্ৰদাহ-বিৰোধী গুণাগুণে শৰীৰৰ সামগ্ৰিক স্বাস্থ্য উন্নতি ঘটায়।
এই মিশ্ৰণসমূহৰ মাধ্যমে কুঁহিয়াৰৰ ৰস খালে শৰীৰ হাইড্ৰেটেড থাকে, গৰমৰ দিনত শীতলতা প্ৰদান কৰে, আৰু পুষ্টিকৰ উপাদানৰ যোগান ধৰে।
নাৰিকল পানী, আমলা, হালধি আৰু আদাৰ মিশ্ৰণে শর্কৰাৰ পৰিমাণ নিয়ন্ত্রণ লগতে শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰায় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ডায়েবেটিছ ৰোগীয়ে এই পানীয়সমূহ চিকিৎসকৰ পৰামৰ্শ অনুসৰি সীমিত পৰিমাণত খালে, গৰমৰ দিনত কুঁহিয়াৰৰ ৰসৰ সোৱাদ উপভোগ কৰাত কোনো ক্ষতি নকৰিব।