ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Lifestyle Health & Fitness

Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

নিউজ ডেস্কঃ

News Desk by News Desk
July 9, 2026
Reading Time: 1 min read
A A
0
Mental Pressure : অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা?

RELATED POSTS

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

New Logo Smal 1 | ASSAM TIMES POST

সমগ্ৰ বিশ্বতে যুৱক-যুৱতীসকলৰ (Youth in the world) সকলো ৰোগৰ বাবে (For all diseases) মানসিক চাপক দোষাৰোপ (Blaming on stress) কৰা হৈছে। কাম কৰাৰ ধৰণ আৰু দৈনন্দিন জীৱন দ্ৰুতগতিত সলনি হৈছে। চিকিৎসকে কয় যে পাচনতন্ত্ৰৰ সমস্যা, মাইগ্ৰেইন, ওজন বৃদ্ধি আৰু হৃদৰোগ এই সকলোবোৰ নিত্য বৃদ্ধি পোৱা মানসিক চাপ আৰু উদ্বেগৰ বাবেই হয়।

কিন্তু ইয়াৰ ফলত ডায়েবেটিছৰ দৰে ৰোগো হ’ব পাৰে নেকি? তেজত শৰ্কৰাৰ উঠা-নমাতো মানসিক চাপে ভূমিকা গ্ৰহণ কৰিব পাৰে নেকি? ডায়েবেটিছৰ চিকিৎসকে কয় যে ডায়েবেটিছৰ বিভিন্ন প্ৰকাৰ আছে। ডায়েবেটিছৰ আঁৰত যেনেকৈ জিনীয় দোষ থাকিব পাৰে, তেনেকৈয়ে অনিয়ন্ত্ৰিত জীৱনশৈলীও থাকিব পাৰে। মুম্বাইৰ এখন চিকিৎসালয়ৰ ডায়েবেটিছ চিকিৎসক ৰাজীৱ কোভিলে কয়, “কেৱল মানসিক চাপৰ ফলত ডায়েবেটিছৰ দৰে ৰোগ নহয়। কিন্তু অবিৰত মানসিক চাপে নিশ্চয়কৈ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে।” আকৌ মানসিক চাপে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে মানসিক চাপে শৰীৰত কৰ্টিছল, এড্ৰিনেলিন, গ্ৰ’থ হৰম’নৰ মাত্ৰা বৃদ্ধি কৰে।

এই হৰম’নবোৰে যকৃতৰ গ্লুক’জৰ মাত্ৰা বৃদ্ধি কৰে, একে সময়তে পেশী আৰু কোষত গ্লুক’জৰ ফলপ্ৰসূতা হ্ৰাস কৰে। ফলত কোষে গ্লুক’জ ব্যৱহাৰ কৰি শক্তি উৎপাদন কৰিব নোৱাৰে। সেয়ে তেজত শৰ্কৰাৰ মাত্ৰাও বৃদ্ধি পায়। চিকিৎসকৰ মতে, অগ্নাশয়ত ইনচুলিন উৎপন্ন হ’লেও যিসকলৰ ইনচুলিন হৰম’নে শৰীৰত সঠিকভাৱে কাম নকৰে তেওঁলোকৰ সমস্যা হয়। ফলত টাইপ ২ ডায়েবেটিছ হয়।

mental1 | ASSAM TIMES POST
অহৰহ মানসিক চাপে তেজত বৃদ্ধি কৰিব পাৰে শৰ্কৰা, ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বেছি

অধ্যয়নটোত দেখা গৈছে যে একেদৰে খাদ্য আৰু ব্যায়াম কৰাৰ পিছতো কেৱল মানসিক চাপৰ বাবেই তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়। যদি সেই মানসিক চাপ সাময়িক হয় তেন্তে ঠিকেই আছে। কিন্তু বাঢ়ি থাকিলে আৰু দীৰ্ঘদিন ধৰি থাকিলে শৰীৰৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পৰে। দীৰ্ঘদিনীয়া মানসিক চাপে শৰীৰত প্ৰদাহৰ সৃষ্টি কৰে, যাৰ ফলত ইনচুলিনৰ ফলপ্ৰসূতা হ্ৰাস পায়। ইয়াৰ উপৰি মানসিক চাপে বিপাকীয় স্বাস্থ্যত প্ৰভাৱ পেলোৱাৰ লগতে টোপনিৰ সমস্যাও সৃষ্টি কৰে। ইয়াৰ সামগ্ৰিক প্ৰভাৱে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। চিকিৎসকৰ মতে, মানসিক চাপৰ বাবে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি হ’লেও ডায়েবেটিছ কেৱল ইয়াৰ বাবেই হোৱা বুলি কৰা দাবীক সমৰ্থন কৰিব পৰাকৈ পৰ্যাপ্ত প্ৰমাণ পোৱা নাযায়।

অৱশ্যে মানসিক চাপে নিশ্চিতভাৱে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি কৰে, যাৰ ফলত ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। টাইপ-২ ডায়েবেটিছৰ আঁৰৰ এটাই কাৰণ নহয়, মূলতঃ অনিয়ন্ত্ৰিত জীৱনশৈলীকো দোষাৰোপ কৰিছে চিকিৎসকলে। দীৰ্ঘদিন বহি থকা, ব্যায়ামৰ অভাৱ, অত্যধিক সংসাধিত খাদ্য খোৱাৰ প্ৰৱণতাৰ বাবে মেদবহুলতাৰ দৰে সমস্যা বৃদ্ধি পাই। বিশেষকৈ পেটত চৰ্বি জমা হোৱাৰ প্ৰৱণতাই ডায়েবেটিছৰ দৰে ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে বুলি চিকিৎসকৰ মত। মানসিক চাপৰ ফলত ইনচুলিন ৰেজিষ্টেন্স হয়, অৰ্থাৎ ইনচুলিন উৎপন্ন হ’লেও হৰম’নে সঠিকভাৱে কাম কৰিব নোৱাৰে।

মানসিক চাপমুক্ত হৈ থকাৰ উপায় কি?

নিয়মিত ব্যায়াম, খোজকঢ়া, যোগাসনে কিছু পৰিমাণে মানসিক চাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে। চিকিৎসকৰ মতে, মানসিক চাপ কমালে ইনচুলিন হৰম’নে ভালদৰে কাম কৰাত সহায় কৰিব পাৰে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: MentalPressure
Share4Tweet3Send

Related Posts

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!
Health & Fitness

Don’t Skip Nighttime Showers: Expert Doctor’s Urgent Health Advice!

by ASSAM TIMES POST
November 29, 2025
53
India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF
Health & Fitness

India’s Alarming Health Crisis: Obesity Surpasses Underweight, Warns UNICEF

by ASSAM TIMES POST
September 11, 2025
58
Sugarcane Juice I  কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-
Health & Fitness

Sugarcane Juice I কুঁহিয়াৰৰ ৰস আৰু ইয়াৰ প্ৰয়োজনীয়তা-

by Staff Reporter
May 12, 2025
57
Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?
Health & Fitness

Bat coronavirus : চীনৰ য়ুহানত নতুন ভাইৰাছ, পুনৰ আহিব নেকি ভয়ংকৰ বিপদ?

by News Desk
February 22, 2025
52
Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ
Health & Fitness

Gulen Bury Syndrome : দেশত বৃদ্ধি গুলেন বেৰীৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা, ইতিমধ্যে ৭ জনৰ

by News Desk
February 11, 2025
57
Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ
Health & Fitness

Cancer : ক’লা প্লাষ্টিকৰ বাকচত থকা খাদ্য খায় নেকি, হ’ব পাৰে কৰ্কট ৰোগ

by News Desk
January 31, 2025
57
ADVERTISEMENT
BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে
National-International

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
51
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস
KARBI ANGLONG

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
57
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত
National-International

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026
51
RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়
National-International

RSS : জেন-জিৰ উদ্বেগৰ কাষত আৰএছএছ থিয় দিয়াটোৱে কি সূচায়

August 22, 2026
51
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

BJP Gen Z Committee : নৱ প্ৰজন্মক আকৰ্ষণ কৰিবলৈ বিজেপিৰ নতুন দল, নীতিন নবীনৰ সংগী স্মৃতি ইৰাণী, বিনোদ তাওড়ে

August 22, 2026
Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

Book reading : গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত বকলীয়াঘাটৰ ৰুকাছেন মহাবিদ্যালয়ৰ অভিনৱ প্ৰয়াস

August 22, 2026
BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

BJP on Vande Mataram : বন্দে মাতৰম সন্দৰ্ভত মহাত্মা গান্ধীৰ বক্তব্য সমগ্ৰ দেশতে সম্প্ৰচাৰ কৰিব বিজেপিয়ে, ৰাহুল-ছোনিয়া-খাৰ্গেক প্ৰত্যুত্তৰ দিয়াৰ সিদ্ধান্ত

August 22, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d