
ড্ৰাগছৰ বিৰুদ্ধে অভিযানত দিছপুৰ আৰক্ষীৰ (Dispur Police) বৃহৎ সফলতা। দিছপুৰ আৰক্ষীয়ে চলোৱা অভিযানত গুৱাহাটী মহানগৰীত ড্ৰাগছৰ বৃহৎ নেটৱৰ্ক উৎখাত (Drug network busted in Guwahati)। এই অভিযানত জব্দ কৰা হয় ১.০৫৬ কিলোগ্ৰাম হেৰ’ইন। আৰক্ষীৰ সূত্ৰ অনুসৰি, এই জব্দকৃত ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৮ কোটি টকা। এই ঘটনাৰ সৈতে জড়িত এহাল দম্পতীক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সঞ্জীৱ ৰায় ওৰফে মুন্না আৰু তেওঁৰ পত্নী নিতুমণি মেধিক। গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ পৰা বাহনসহ দুয়োকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ইয়াৰ পিছত কাহিলিপাৰাস্থিত তেওঁলোকৰ ভাৰাঘৰত আৰক্ষীয়ে অভিযান চলাই তাৰ পৰা ৯৫টা চাবোনৰ বাকচভৰ্তি ড্ৰাগছ জব্দ কৰে। লগতে এটা পইণ্ট ৩২ পিষ্টলসহ ৬ জাঁই সজীৱ গুলীও জব্দ কৰা হয়। এই অভিযানত নোট গণনা কৰা মেচিন, দুখন চাৰিচকীয়া বাহন আৰু এখন বাইকো আৰক্ষীয়ে জব্দ কৰে। এই ড্ৰাগছৰ নেটৱৰ্কত আন আন কোন কোন জড়িত আছে তাৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।













