
- গুৱাহাটীৰ যান-বাহন আৰক্ষীক Hero কোম্পানীয়ে কৰ্প’ৰেট সামাজিক দায়বদ্ধতা (CSR) আঁচনিৰ অধীনত ৫০খন মটৰ চাইকেল আগবঢ়াব। আজি অনুষ্ঠিত কেবিনেট বৈঠকে এই সন্দৰ্ভত অনুমোদন জনায়।
- বৈঠকত PWD (NH) বিভাগটো বিলুপ্ত কৰি PWD (Roads)ৰ সৈতে সংযুক্ত কৰাৰ সিদ্ধান্ত লোৱা হয়। নতুনকৈ সংযুক্ত বিভাগটো চোৱাচিতাৰ বাবে এজন অতিৰিক্ত আয়ুক্তৰ পদ সৃষ্টিতো অনুমোদন জনোৱা হৈছে।
- BTC, ডিমা হাচাও আৰু কাৰ্বি আংলঙত জল জীৱন মিছনৰ কাম সুচাৰুৰূপে ৰূপায়ণৰ বাবে তিনিখন স্বায়ত্তশাসিত পৰিষদৰ সৈতে তিনিখন বুজাবুজিৰ চুক্তি (MoU)ত কেবিনেটে অনুমোদন জনায়।
- পৰিৱেশ সুৰক্ষা আৰু বনানীকৰণৰ বাবে গ্ৰীণ ছেছ আৰোপৰ সিদ্ধান্ত লোৱা হৈছে। বৈদ্যুতিক আৰু CNG বাহন, লগতে দুচকীয়া আৰু তিনিচকীয়া বাহন এই ছেছৰ পৰা ৰেহাই পাব। আন বাহনৰ ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত ৩,০০০ টকাকৈ গ্ৰীণ ছেছ দিব লাগিব। এই ধন বনানীকৰণ আৰু গৰা খহনীয়া ৰোধৰ কামত ব্যৱহাৰ কৰা হ’ব।
- অসমৰ স্থায়ী বাসিন্দা অগ্নিবীৰসকলৰ বাবে অসম আৰক্ষী, কাৰাগাৰ বিভাগ, SDRF, অগ্নি নিৰ্বাপক বাহিনী, আবকাৰী বিভাগ আৰু বন বিভাগৰ কনিষ্টবল তথা বন ৰক্ষী পদৰ ১২ শতাংশ সংৰক্ষণত কেবিনেটে অনুমোদন জনায়।
- ডালমিয়া ভাৰত গ্ৰুপে অসমত চিমেণ্ট উৎপাদন খণ্ডত ১০,২০০ কোটি টকা বিনিয়োগ কৰিব। এই বিনিয়োগ সন্দৰ্ভত কোম্পানীটোৰ সৈতে হোৱা বুজাবুজিৰ চুক্তিত কেবিনেটে অনুমোদন জনাইছে।
- শিলচৰ আৰু ডিব্ৰুগড়ত পৌৰ নিগম গঠন হোৱাৰ পাছত পৌৰ নিগমৰ নিৰ্বাচন সম্পৰ্কীয় গোচৰসমূহ স্থানীয় আদালতত ৰুজু কৰিব পৰাকৈ অসম পৌৰসভা নিৰ্বাচন বিধি সলনি কৰা হৈছে। ইয়াৰ আগতে এনে গোচৰ কেৱল গুৱাহাটীৰ আদালততহে ৰুজু কৰিব পৰা গৈছিল।
- অসম ৰেজিমেণ্টৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ কোটি টকা আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে, মধুপুৰ সত্ৰৰ পৰিচালনাৰ বাবে অসম চৰকাৰে প্ৰতিমাহে এক লাখ টকাকৈ আগবঢ়াব। পৰৱৰ্তী সময়ত বৰদোৱাৰ আৰ্হিত সত্ৰখনৰ উন্নয়নৰ বাবে বৃহৎ প্ৰকল্প গ্ৰহণৰ পৰিকল্পনাও আছে।
- কাছাৰী বজাৰৰ পৰা কামাখ্যালৈ ব্ৰহ্মপুত্ৰৰ পাৰতে ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণৰ বাবে প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ দায়িত্ব টাটা কনছালটেন্সীক দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। কোকৰাঝাৰৰ পাতগাঁও সংৰক্ষিত বনাঞ্চলক BTCৰ অনুৰোধমৰ্মে ৰাজহ গাঁওলৈ ৰূপান্তৰ কৰাৰ সিদ্ধান্তও কেবিনেটে গ্ৰহণ কৰে। বনাঞ্চলখনত বহু লোক বসবাস কৰি আহিছে।
- ইফালে, BTC চৰকাৰৰ এবছৰ সম্পূৰ্ণ হ’বলগীয়া উপলক্ষে মুখ্যমন্ত্ৰীয়ে হাগ্ৰামা মহিলাৰীক শুভেচ্ছা জনায়। নিৰ্বাচনী ব্যস্ততাৰ বাবে অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলেও তেওঁ শুভেচ্ছা জ্ঞাপন কৰে।













