
২০২৬ বৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ঘোষণা কৰা হৈছে। দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ঘোষণা কৰা এই পদক এইবাৰ দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চল তথা চিএপিএফ আৰু চিপিঅ’ৰ ৪৯০ গৰাকী বিষয়া-জোৱানে লাভ কৰিছে। আনহাতে, এই পদকৰ বাবে নিৰ্বাচিত হৈছে অসমৰ ২৩ গৰাকী আৰক্ষী বিষয়া আৰু জোৱান। বিভিন্ন অভিযানত প্ৰদৰ্শন কৰা উৎকৃষ্টতা, তদন্ত প্ৰক্ৰিয়াত অসাধাৰণ সেৱা, ব্যতিক্ৰমী প্ৰদৰ্শন, অদম্য আৰু সাহসী চোৰাংচোৱা সেৱা, ফৰেনছিক বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে প্ৰতি বছৰে ৩১ অক্টোবৰত অৰ্থাৎ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিন উপলক্ষে এই পদক ঘোষণা কৰা হয়।
কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক লাভ কৰা অসমৰ আৰক্ষী বিষয়া-জোৱানসকল হৈছে :
গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থসাৰথি মহন্ত
জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰণৱ কুমাৰ পেগু
অতিৰিক্ত আৰক্ষী অধীক্ষক কল্যাণ কুমাৰ পাঠক
অতিৰিক্ত উপ-আৰক্ষী আয়ুক্ত অনুৰাগ শৰ্মা
অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজী তালুকদাৰ
আৰক্ষী পৰিদৰ্শক কমলেশ সিং
আৰক্ষী পৰিদৰ্শক ভাস্কৰ মল্ল পাটোৱাৰী
আৰক্ষী পৰিদৰ্শক চন্দন জ্যোতি বৰা
আৰক্ষী পৰিদৰ্শক বিক্ৰম বসুমতাৰী

আৰক্ষী পৰিদৰ্শক শংকৰ জ্যোতি নাথ
আৰক্ষী পৰিদৰ্শক কপিল পাঠক
আৰক্ষী উপ-পৰিদৰ্শক ৰোহিত দাস
আৰক্ষী উপ-পৰিদৰ্শক অংখুমি কলিতা
আৰক্ষী উপ-পৰিদৰ্শক ডেইজী নাথ
আৰক্ষী উপ-পৰিদৰ্শক জিতুমণি ৰাভা
আৰক্ষী উপ-পৰিদৰ্শক প্ৰণৱ জ্যোতি ভট্টাচাৰ্য
আৰক্ষী সহকাৰী উপ-পৰিদৰ্শক আহমেদ আলী
লেন্স নায়ক কমল বড়ো
কনিষ্টবল বকুল মেধি
আৰক্ষী অধীক্ষক ভি শিৱ প্ৰসাদ গঞ্জালা
চক্ৰ পৰিদৰ্শক কমল চন্দ্ৰ ৰাজবংশী
অতিৰিক্ত আৰক্ষী অধীক্ষক পৃথ্বিৰাজ ৰাজখোৱা
আৰক্ষী উপ-পৰিদৰ্শক মৌতী বসুমতাৰী













