
সোমবাৰে নিশা গুৱাহাটীৰ উলুবাবৰীৰ হোটেল বিলাস ইনৰ গুলীচালনা কাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে এই মৰ্মান্তিক ঘটনাত হোটেলখনৰ গৰাকীৰ একে পৰিয়ালৰে চাৰিজনসহ মুঠ পাঁচজন লোকৰ মৃত্যু হৈছে।
আনহাতে, মূল অভিযুক্তক গ্ৰেপ্তাৰৰ পিছত তেওঁৰ মূল ঘৰ নাহৰকটীয়াৰ জয়পুৰ লেবাংকুলাত থকা ভাইবোৱাৰী নমিতা গগৈয়ে এক বিস্ফোৰক মন্তব্য কৰিছে।
তেওঁৰ দাবী, প্ৰথমে হোটেল বিলাস ইনত সাতজনীয়া এটা দলে ঘনকান্ত গগৈৰ ওপৰত আক্ৰমণ চলাইছিল। হোটেলখনত ঘনকান্তক দলটোৱে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰাৰ পিছত নিজকে বচাবলৈ তেওঁ গুলীচালনা কৰিছিল। ১০ বছৰৰ বাবে বিলাস ইন লীজত লৈছিল ঘনকান্তই। ইতিমধ্যে লীজৰ সময় এবছৰ পাৰ হৈছিল।

ইয়াৰ উপৰি তেওঁ হোটেলখনত ৩৫ লাখ টকা বিনিয়োগ কৰা বুলি দাবী কৰিছে ঘনকান্তৰ পৰিয়ালৰ সদস্যই। ইয়াকে লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল। আনহাতে, গুলীচালনা কৰি জয়পুৰৰ ভাতৃ তথা পৰিয়ালক সকলো কথা ফোনযোগে ঘনকান্তই অৱগত কৰিছিল বুলি পৰিয়ালে দাবী কৰিছে। লগতে থানাত হাজিৰ হ’বলৈ যোৱা বুলিও পৰিয়ালক নিশাতেই জনাইছিল।
উল্লেখযোগ্য যে প্ৰায় ১০-১২ বছৰ পূৰ্বে পত্নী আৰু কন্যাক লৈ গুৱাহাটীত নিগাজীকৈ থাকিবলৈ লৈছিল ঘনকান্ত গগৈয়ে। আনহাতে, নাহৰকটীয়াৰ জয়পুৰ লেবাংকুলাৰ ঘৰত তেওঁৰ মাতৃ ফুলেশ্বৰী গগৈ, ভাতৃ শুভকান্ত গগৈ আৰু ভাইবোৱাৰী নমিতা গগৈ থাকে।













