
২০১৮ চনৰ অপৰাধমূলক মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে শনিবাৰে দিল্লীৰ সাকেট আদালতে নতুন জামিনযোগ্য ৱাৰেণ্ট জাৰি কৰে। আদালতক জনোৱা হৈছে যে পূৰ্বৰ ৱাৰেণ্টটো প্ৰশাসনিক ত্ৰুটিৰ বাবে অষ্ট্ৰিয়াৰ এটা ঠিকনালৈ প্ৰেৰণ কৰা হৈছিল বাবে কাৰ্যকৰী কৰিব পৰা নগ’ল। আজি আদালতত এই কথাও জনোৱা হয় যে ধ্ৰুৱ ৰাথী ইতিমধ্যে ভাৰত এৰি বিদেশলৈ উভতি গৈছে। ইয়াৰ পিছতে সাকেট আদালতৰ ন্যায়িক দণ্ডাধীশ ৰাহুল জৈনে নতুন ৱাৰেণ্ট জাৰি কৰে। অৱশ্যে আদালতৰ বিশদ নিৰ্দেশনা এতিয়াও ৰাজহুৱা হোৱা নাই। ২৩ নৱেম্বৰত এই গোচৰৰ পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰা হৈছে।
২০১৮ চনৰ মে’ মাহত ‘মই নৰেন্দ্ৰ মোদীক সমৰ্থন কৰো’ নামৰ ছ’চিয়েল মিডিয়া পেজৰ প্ৰতিষ্ঠাপক তথা ৰাজনৈতিক স্বেচ্ছাসেৱক বিকাশ সাংকৃত্যায়ন ওৰফে বিকাশ পাণ্ডেয়ে ধ্ৰুৱ ৰাথীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল। ধ্ৰুৱ ৰাথীৰ ইউটিউব চেনেলত আপলোড কৰা ‘বিজেপি আইটি চেল পাৰ্ট ২’ শীৰ্ষক ভিডিঅ’ক লৈ বিতৰ্ক আৰম্ভ হয়। অভিযোগ অনুসৰি, ভিডিঅ’টোত ধ্ৰুৱ ৰাথীয়ে দাবী কৰিছিল যে বিকাশ বিজেপিৰ আইটি চেলৰ ছেকেণ্ড-ইন-কমাণ্ড আৰু ভুৱা বাতৰি বিয়পোৱাৰ অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ মহাবীৰ প্ৰসাদ নামৰ এজন ব্যক্তিক ৫০ লাখ টকাৰ উৎকোচ আগবঢ়াইছিল। বিকাশে দাবী কৰে যে এই অভিযোগ সম্পূৰ্ণ মিছা আৰু ইয়াৰ ফলত তেওঁৰ মানহানি হৈছে।

এই গোচৰত আদালতে প্ৰথমবাৰৰ বাবে ২০১৯ চনৰ জুলাই মাহত ধ্ৰুৱ ৰাথীক চমন জাৰি কৰিছিল। কিন্তু তেওঁ অষ্ট্ৰিয়াত বাস কৰি থকাৰ বাবে কেইবা বছৰ ধৰি আইনী প্ৰক্ৰিয়াত বিলম্ব হয়। চলিত মাহৰ আৰম্ভণিতে অভিযোগকাৰীৰ অধিবক্তা সমক্ষ শৰ্মাই আদালতত জৰুৰী আবেদন দাখিল কৰি ধ্ৰুৱ সম্প্রতি ভাৰতত উপস্থিত হোৱা বুলি উল্লেখ কৰে৷ এই সময়তে গোচৰটোৱে গতি লাভ কৰিছিল। ১২ অক্টোবৰত আদালতে বিশেষ ‘দস্তি’ চমনৰ অনুমতি দিছিল। ইয়াৰ জৰিয়তে আদালতৰ প্ৰক্ৰিয়া নথি বহনকাৰীয়ে (প্ৰচেছ ছাৰ্ভাৰ) শাৰীৰিকভাৱে হাৰিয়ানাৰ গুৰুগ্ৰামৰ ৫৬ নং ছেক্টৰৰ এটা নিৰ্দিষ্ট ঠিকনালৈ গৈ নতুন চমন প্ৰদান কৰিব পাৰে। কিন্তু ১৭ অক্টোবৰত গুৰুগ্ৰামৰ ঘৰটোত তলা লগোৱা বুলি আদালতত খবৰ দিয়ে। ইয়াৰ পিছত দণ্ডাধীশ ৰাহুল জৈনে জাৰি কৰে প্ৰথম জামিনযোগ্য ৱাৰেণ্ট। যিহেতু সেই ৱাৰেণ্টটো ভুলতে বিদেশী ঠিকনালৈ প্ৰেৰণ কৰা হৈছিল, সেয়েহে শনিবাৰে আদালতে পোনপটীয়াকৈ গুৰুগ্ৰামৰ ঠিকনালৈ নতুন জামিনযোগ্য ৱাৰেণ্ট জাৰি কৰে। ২৩ নৱেম্বৰত ৱাৰেণ্ট কাৰ্যকৰী হোৱাৰ প্ৰতিবেদন পৰীক্ষা কৰিব সাকেট আদালতে।













