
কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক ২০২৬ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। বিশেষ অভিযান, তদন্ত আৰু ফৰেনছিক বিজ্ঞান শাখাত আগবঢ়োৱা হ’ব এই পদক। দেশৰ বিভিন্ন ৰাজ্যৰ আৰক্ষী বিষয়া আৰু নিৰাপত্তা বাহিনীৰ জোৱানলৈ এই সন্মান। অসমৰ কেইবাগৰাকীও আৰক্ষী বিষয়ালৈ আগবঢ়োৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী দক্ষতা পদক। বিশেষ অভিযান শাখাত অসম আৰক্ষীৰ ১৯ গৰাকী বিষয়া-জোৱানৰ নাম তালিকাভুক্ত।
তদন্ত শাখাত অসমৰ ৪ গৰাকী আৰক্ষী বিষয়াই লাভ কৰিছে এই সন্মান। বিশেষ অভিযান শাখাত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড০ পাৰ্থসাৰথি মহন্তৰ নামো অন্তৰ্ভুক্ত। তালিকাত আছে SSP প্ৰণৱ কুমাৰ পেগু, অতিৰিক্ত SP কল্যাণ কুমাৰ পাঠক অতিৰিক্ত DCP অনুৰাগ শৰ্মা। পানবজাৰ থানাৰ oc শংকৰ জ্যোতি নাথ আৰু বশিষ্ঠ থানাৰ oc কপিল পাঠক। অসমৰ আৰক্ষী বিভাগৰ মুঠ ২৩ গৰাকী বিষয়া-কৰ্মচাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে দুয়োটা শাখাত। ৩১ অক্টোবৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰে এই জাননী।













