
পঞ্চম প্ৰজন্মৰ ষ্টেল্থ যুঁজাৰু বিমান ‘সুখয় এছ ইউ-৫৭’ (ফেলন)ৰ পিছত এইবাৰ চতুৰ্থ প্ৰজন্মৰ (4th Gen.) টেংক টি-১৪ আৰ্মাডা (Tank T-14 Armata)। পুনৰ মস্কোৰ পৰা প্ৰযুক্তি হস্তান্তৰ আৰু যৌথ উৎপাদনৰ খবৰ নতুন দিল্লীত উপস্থিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰৰ উদ্ধৃতি দি বাতৰিত দাবী কৰা হৈছে যে ৰাছিয়াৰ চৰকাৰী মালিকানাধীন সামৰিক উৎপাদন কোম্পানী উৰালভাগনজাভডে শেহতীয়াকৈ ভাৰতীয় সেনাৰ ‘নেক্সট জেনেৰেচন মেইন বেটল টেংক’ (যাক ‘ফিউচাৰ ৰেডি কম্বেট ভেহিকেল’ বুলিও জনা যায়)ৰ দাবীক ‘লক্ষ্যত’ ৰাখি এই বিশেষ প্ৰস্তাৱ দাখিল কৰিছে। এই প্ৰস্তাৱৰ মূল উদ্দেশ্য হৈছে ভাৰতৰ পুৰণি ৰাছিয়াৰ টি-৭২ টেংক বহৰৰ ঠাইত আধুনিক প্ৰযুক্তিৰ টেংক স্থাপন কৰা।
প্ৰকাশিত বাতৰি অনুসৰি, উৰালভাগনজাভোডৰ প্ৰস্তাৱ অনুসৰি নিজাকৈ জটিল ‘১২এন৩৬০’ ইঞ্জিনৰ পৰিৱৰ্তে ‘মেক ইন ইণ্ডিয়া’ প্ৰকল্পৰ অধীনত ভাৰতত নিৰ্মিত টি-১৪ টেংকত যৌথ প্ৰযুক্তিৰে নিৰ্মিত ডাট্ৰন-১৫০০ ইঞ্জিন ব্যৱহাৰ কৰা হ’ব। ইয়াৰ উপৰি ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’)ৰ নিয়ন্ত্ৰণত থকা সংস্থা ‘কম্বেট ভেহিকেলছ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্ট’ৰ দ্বাৰা নিৰ্মিত ছেন্সৰ আৰু অন্যান্য ইলেক্ট্ৰনিক সঁজুলি ইয়াত ব্যৱহাৰ কৰা হ’ব।

উল্লেখ্য যে ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত ৰাছিয়াৰ পৰা ক্ৰয় কৰা টি-৫৫ টেংক ব্যৱহাৰ কৰি ভাৰতীয় সেনাই আচৰিত সফলতা লাভ কৰিছিল। ইয়াৰ পিছত ১৯৭৯ চনত নতুন দিল্লীয়ে ৰাছিয়াৰ পৰা টি-৭২ টেংক ক্ৰয় কৰিবলৈ আৰম্ভ কৰে। ১৯৮০ চনত মস্কোৰ পৰা প্ৰযুক্তি হস্তান্তৰ হোৱাৰ পিছত চেন্নাইৰ আভাদিত থকা হেভি ভেহিকেলছ ফেক্টৰীত টি-৭২ৰ উৎপাদন আৰম্ভ হয়। ইয়াৰ পিছত ২০০১ চনৰ পৰা পৰ্যায়ক্ৰমে ৩১০ টা টি-৯০ টেংক ৰাছিয়াৰ পৰা ক্ৰয় কৰা হয়। পিছলৈ ইয়াৰ উন্নত সংস্কৰণ টি-৯০ ভীষ্মৰ যৌথ উৎপাদন আৰম্ভ হয়। ইয়াৰ পূৰ্বে মাৰ্চ মাহত ৰাছিয়াই ভাৰতক ‘এছ ইউ-৫৭ই’ (এছ ইউ-৫৭ৰ ৰপ্তানি ভিন্নতা) যুঁজাৰু বিমানৰ ‘যৌথ উৎপাদন’ আৰু ‘সম্পূৰ্ণ প্ৰযুক্তি হস্তান্তৰ’ৰ প্ৰস্তাৱ দিছিল।
ইয়াৰ উপৰি ক্ৰেমলিনে এই কথাও প্ৰকাশ কৰিছে যে তেওঁলোকে এছ ইউ-৫৭ যুঁজাৰু বিমানৰ গুৰুত্বপূৰ্ণ ‘ছ’ৰ্চ ক’ড’ও প্ৰদান কৰিবলৈ ইচ্ছুক। বহুসংখ্যক প্ৰতিৰক্ষা বিশেষজ্ঞই আৰম্ভণিৰে পৰাই ৰাছিয়াৰ বিমান ক্ৰয়ৰ পক্ষত আছিল। কাৰণ ভাৰতীয় সেনাই আগতে কেতিয়াও আমেৰিকাত নিৰ্মিত গুৰুত্বপূৰ্ণ যুদ্ধ বিমান ব্যৱহাৰ কৰা নাছিল। আনহাতে, ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু পাইলটসকলৰ মিগ-২১, মিগ-২৭, মিগ-২৯, চুখয়-৩০কে ধৰি বিভিন্ন যুঁজাৰু বিমান ব্যৱহাৰ কৰাৰ অভিজ্ঞতা আছে। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী মোদীয়ে ‘মেক ইন ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ শ্লোগানৰ জৰিয়তে দেশত উন্নত অস্ত্ৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ফলত বৰ্তমান কেন্দ্ৰই বিদেশৰ পৰা অস্ত্ৰ আমদানিৰ ক্ষেত্ৰত প্ৰযুক্তি হস্তান্তৰৰ ক্ষেত্ৰত চৰ্ত আৰোপ কৰিছে।











