
দুৰ্গা পূজা আৰু দীপাৱলীৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ৰে’ল কৰ্মচাৰীসকলক (Indian Railway) দিলে ভাল খবৰ। বুধবাৰে প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ৰে’ল কৰ্মচাৰীৰ কৰ্মক্ষমতাৰ স্বীকৃতি স্বৰূপে ৭৮ দিনৰ পাৰফৰমেন্স বেছড বোনাছ (পিএলবি) (Performance-based bonus) দিয়াৰ সিদ্ধান্ত লোৱা হয়।
কেন্দ্ৰীয় কেবিনেটৰ এই সিদ্ধান্তই ১১,৪০,৭৭০ ‘যোগ্য’ ৰে’ল কৰ্মচাৰীক উপকৃত কৰিব বুলি চৰকাৰে এক বিবৃতিত প্ৰকাশ কৰিছে। বিবৃতিটোত কোৱা হৈছে যে ৭৮ দিনৰ বাবে ২,০০৯.৬১ কোটি টকাৰ পাৰফৰমেন্স বেছড বোনাছ প্ৰদান কৰা হ’ব। প্ৰতিজন ‘যোগ্য’ ৰে’ল কৰ্মচাৰীক ৭৮ দিনৰ বাবে সৰ্বাধিক ১৭,৯৫১ টকা দিয়া হ’ব।

উল্লেখ্য যে প্ৰতি বছৰে দুৰ্গা পূজাৰ বন্ধৰ পূৰ্বে যোগ্য ৰে’ল কৰ্মচাৰীক পিএলবি দিয়া হয়। ট্ৰেক মেইণ্টাৰ, লোকো পাইলট, ট্ৰেইন মেনেজাৰ (গাৰ্ড), ষ্টেচন মাষ্টাৰ, ছুপাৰভাইজাৰ, টেকনিচিয়ান, টেকনিচিয়ান হেল্পাৰ, পইণ্টমেন, কৰ্মচাৰী আৰু অন্যান্য গ্ৰুপ ‘চি’ কৰ্মচাৰীকে ধৰি বিভিন্ন শ্ৰেণীৰ ৰে’লৱে কৰ্মচাৰীক এই পাৰফৰমেন্স বেছড বোনাছ প্ৰদান কৰা হ’ব। এটা চৰকাৰী বিবৃতিত কোৱা হৈছে যে ২০২৫-২৬ বিত্তীয় বৰ্ষত ভাৰতীয় ৰে’লৱেই অনন্য কৰ্মদক্ষতা প্ৰদৰ্শন কৰিছে। ৰে’লৱেই অভূতপূৰ্ব ১৬৭ কোটি টন সামগ্ৰী পৰিবহণ কৰাৰ লগতে প্ৰায় ৭৪১ কোটি যাত্ৰী বহন কৰিছে।











