তেলেংগানা (Telangana)ৰ য়াদাদৰী ভুৱনগিৰি জিলাৰ বিবিনগৰ এইমছ (Bibinagar AIIMS)ৰ বিৰল সফলতা। এই এইমছৰ চিকিৎসকসকলে এক জটিল অস্ত্ৰোপচাৰ (Complex surgery)ৰ দ্বাৰা এটি তিনিমহীয়া ল’ৰা সন্তানৰ শৰীৰ (body of a three-month-old boy)ৰ পৰা 15 চেণ্টিমিটাৰ দীঘল এডাল নেজ আঁতৰ কৰে (Removes a tail 15 cm long)। এই অস্ত্ৰোপচাৰটো সম্পন্ন হৈছিল এই বছৰৰ জানুৱাৰী মাহত। ইয়াৰ পিছত সোমবাৰে এইমছৰ চিকিৎসকৰ এটা দলে শিশুটিৰ স্বাস্থ্যৰ পৰ্যালোচনা কৰাৰ পিছত চিকিৎসা প্ৰতিষ্ঠানখনৰ এগৰাকী মুখপাত্ৰই এই বিষয়ে সংবাদ মাধ্যমৰ আগত সবিশেষ জনায়। অস্ত্ৰোপচাৰটো সম্পন্ন কৰিছিল অতিৰিক্ত অধ্যাপক তথা শিশু ৰোগ অস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বী ডাঃ শশাংক পাণ্ডা আৰু তেওঁৰ সহযোগী দলে। উল্লেখ্য যে এই ঘটনা বিশ্বত অতি বিৰল আৰু এতিয়ালৈকে এনেধৰণৰ ৪০ টামান ঘটনাৰ কথাহে জানিব পৰা গৈছে।
আনহাতে, বিবিনগৰ এইমছৰ মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, অস্ত্ৰোপচাৰ সুকলমে হয় আৰু অস্ত্ৰোপচাৰৰ পৰৱৰ্তী সময়ত শিশুটিয়ে আৰোগ্য লাভ কৰাত কোনো বিশেষ সমস্যা হোৱা নাই । ইফালে অস্ত্ৰোপচাৰৰ নেতৃত্ব দিয়া ডাঃ শশাংক পাণ্ডাই কয় যে অস্ত্ৰোপচাৰটোৰ বাবে প্ৰায় ২.৫ ঘণ্টা সময় লাগিছিল আৰু কোনো স্নায়বিক বিকাৰ অবিহনে ছয় মাহলৈকে শিশুটিয়ে ভালদৰে কাম কৰি আছে ।