ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

অজন্তা তালুকদাৰ, বোকাখাত :

News Desk by News Desk
August 31, 2026
Reading Time: 1 min read
A A
0
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড : কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

RELATED POSTS

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

New Logo Smal 4 | ASSAM TIMES POST

চলিত বৰ্ষৰ আগষ্ট মাহৰ এই সামৰণিৰ দিনটোতে বোকাখাতত এক বিধ্বংসী অগ্নিকাণ্ডত (Destructive fire in Bokakhat) কেইবাখনো দোকান ভস্মীভূত হোৱাৰ লগতে কেইবা কোটি টকাৰ মূল্যৰ সামগ্ৰী জাহ যায়। জানিব পৰা মতে আজি পুৱা ১০ মান বজাত বোকাখাতৰ অসম ৰাজ্যিক পৰিবহণ নিগম বাচ আস্থানৰ গাতে লাগি থকা বোকাখাত পৌৰসভাৰ অন্তৰ্গত ৪ নং ৱাৰ্ডস্থিত প্ৰতিষ্ঠিত হোল চেল প্ৰতিষ্ঠান “চাৰিকা ষ্টোৰ”ৰ পৰা সংঘটিত হয় এই অগ্নিকাণ্ডৰ। প্ৰতিষ্ঠানখনৰ গাতে লাগি থকা আন আন দোকানলৈও জুই সম্প্ৰসাৰিত হৈ চাৰিটা ষ্টোৰ সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে অগ্নি বিধ্বস্ত হয় আটাইকেইখন প্ৰতিষ্ঠান। উল্লেখযোগ্য যে এই দোকানখনত হোৱা জুইৰ সূত্ৰপাতে ক্ষতি কৰা আন আন প্ৰতিষ্ঠান সমূহৰ ভিতৰত শ্যাম ষ্টৰ, নীলকণ্ঠ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানও সম্পূৰ্ণ ভস্মীভূত কৰাৰ লগতে প্ৰেৰণা নামৰ দোকানখনৰো আংশিক ক্ষতি কৰিছে।

অগ্নিকাণ্ডৰ সূত্ৰপাত বিদ্যুৎ শ্বট চাৰ্কিটৰ ফলতে হোৱা বুলি সন্দেহ কৰা হৈছে যদিও বৰ্তমানো অগ্নিকাণ্ডৰ সঠিক কাৰণ নিৰ্ণয় কৰিব পৰা হোৱা নাই। চাৰিকা ষ্টোৰ ফটকাৰ হোল চেল প্ৰতিষ্ঠান হোৱাৰ বাবে প্ৰতিষ্ঠানখনৰ গুদামত মজুত থকা বহুসংখ্যক ফটকাত জুই লাগি জুয়ে লেলিহান ৰূপ ধাৰণ কৰে। আগন্তুক দীপাৱলীৰ বাবে প্ৰতিষ্ঠানখনত শেহতীয়া ফটকা-আতচবাজীৰ হোল চেল ভাণ্ডাৰো মজুত আছিল বুলি জানিব পৰা গৈছে। তাৎপৰ্যপূৰ্ণভাৱে প্ৰতিষ্ঠানখনৰ পিছফালে যথেষ্ট সংখ্যক ৰন্ধন গেছ চিলিণ্ডাৰ মজুত ৰখা গুদাম আছিল আৰু এই গুদামলৈ জুই সম্প্ৰসাৰিত হৈ ৩০ টাতকৈ অধিক চিলিণ্ডাৰ প্ৰচণ্ড বিস্ফোৰণ হৈ ওচৰৰ এলেকা সমূহলৈ চিটিকি পৰাত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়।

boka | ASSAM TIMES POST
বোকাখাতত বিধ্বংসী অগ্নিকাণ্ড

বিশেষকৈ অগ্নিকাণ্ডত ফুটা ফটকা আৰু বিস্ফোৰিত হোৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ প্ৰচণ্ড শব্দত আতংকিত হৈ পৰে বোকাখাত নগৰবাসী। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে প্ৰশাসনৰ তৎপৰতাত বোকাখাত অগ্নি নিৰ্বাপক বাহিনীৰ লগতে গোলাঘাট, কলিয়াবৰ, নুমলীগড় শোধনাগাৰ, দেৰগাঁও আদিৰ পৰা কমপক্ষেও ১০খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি উপস্থিত হৈ অগ্নি নিৰ্বাপনৰ চেষ্টা চলায় যদিও চাৰি ঘন্টাৰো অধিক সময় ভয়াবহ আৰু বিধ্বংসী অগ্নিকাণ্ড চলি থাকি সমগ্ৰ নগৰখনত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰে। আনহাতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে প্ৰশাসনে বন্ধ কৰি দিয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ। কিয়নো অগ্নিকাণ্ডৰ স্থান বোকাখাত নগৰৰ সোঁমাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে।

সেয়েহে ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰি দিয়াৰ ফলত উজনি-নামনিৰ এই সংযোগী পথেৰে অহা যোৱা কৰা শ শ গাড়ী আৰু স্থানীয় গাড়ীৰে যান-জঁতৰ সৃষ্টি হয়। সমগ্ৰ অগ্নিকাণ্ডৰ সময়ছোৱাত বন্ধ হৈ থাকে বোকাখাত নগৰৰ সোঁমাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটি। প্ৰশাসন, আৰক্ষী আৰু স্থানীয় ৰাইজৰ সহযোগত ৰাষ্ট্ৰীয় ঘাইপথৰ সলনি ভিতৰুৱা উপ পথেৰে ট্ৰাক, বাছ, ব্যক্তিগত যান-বাহন সমূহ পাৰ কৰোৱা হয়। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে উপস্থিত হয়হি বোকাখাত সমজিলা আয়ুক্ত সুজাতা গগৈৰ লগতে গোলাঘাট জিলাৰ আয়ুক্ত বিশ্বজিৎ ফুকন। অগ্নিকাণ্ডত প্ৰায় ৭ খন দোকান সম্পূৰ্ণ অথবা আংশিক ভাৱে ক্ষতি হোৱাৰ লগতে ব্যক্তিগত ঘৰো অগ্নি বিধ্বস্ত হোৱা বুলি সাংবাদিকৰ আগত জানিবলৈ দিয়ে গোলাঘাট জিলাৰ আয়ুক্ত বিশ্বজিৎ ফুকনে ।

আনহাতে নগৰৰ মাজমজিয়াত বহুদিনৰ পৰাই এনেদৰে মজুত কৰি ৰখা অগ্নিকাণ্ডত বিস্ফোৰিত গেছ চিলিণ্ডাৰ সমূহৰ বিষয়ে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বোকাখাত সমজিলা আয়ুক্তৰ অধীনত ইয়াৰ বিভাগীয় তদন্ত হ’ব বুলি ঘোষণা কৰে গোলাঘাট জিলাৰ আয়ুক্তই। কেনেকৈ, কাৰ অনুমতিত এনেদৰে নগৰৰ মাজমজিয়াত বৃহৎসংখ্যক ৰন্ধন গেছৰ চিলিণ্ডাৰ, ফটকা-আটছবাজী মজুত কৰি ৰখাৰ দু:সাহস কৰিছিল এই লৈও উত্থাপিত হৈছে প্ৰশ্নৰ। আনহাতে এনে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত বোকাখাতৰ ব্যৱস্থাপনা যে পৰ্যাপ্ত নহয়, এই লৈও নগৰবাসীয়ে কৰিছে সন্দেহ।

Boka2 | ASSAM TIMES POST
কেইবাকোটি টকাৰ সম্পত্তি ভস্মীভূত

ইফালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কৰা অভিযোগ অনুসৰি এই দোকানখনত এনে বিস্ফোৰক সামগ্ৰী মজুতঝ ৰখাৰ বিষয়ে পূৰ্বৰ পৰাই প্ৰশাসক জনোৱা হৈছিল। গুৰুত্ব নিদিয়াৰ ফল আজি দেখিবলৈ পোৱা গ’ল। তাৎপৰ্যপূৰ্ণভাৱে এই দোকানখনত বিস্ফোৰক সামগ্ৰী মজুত ৰখাৰ অনুমতি কোনে দিছিলে,অনুমতি আছিল নে নাই এই বিষয়ে জিলা আয়ুক্ত, সমজিলা আয়ুক্ত, পৌৰপতি কাৰো হাততেই তথ্য নাই। জিলা উপায়ুক্ত গৰাকী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় চক্ৰ বিষয়াৰ দ্বাৰা ক্ষয় ক্ষতিৰ সমীক্ষা চলাবলৈ দিছে। লক্ষণীয় দিশটো হ’ল আজি বোকাখাত নগৰৰ সমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সাপ্তাহিক বন্ধৰ বাৰ। প্ৰায় কেইখন দোকানতে মানুহ নাছিল। অগ্নিকাণ্ডৰ খবৰ পাই ওচৰৰ পাজৰৰ ব্যৱসায়ী সকল আহি নিজৰ দোকানৰ সা-সৰঞ্জাম উলিয়াই আনি ৰাজপথত জমা কৰাও পৰিলক্ষিত হয়। অগ্নিকাণ্ডৰ ফলত সমগ্ৰ বোকাখাত অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈ থাকে যদিও বিয়লিৰ ভাগলৈ বিদ্যুতৰ স্বাভাৱিক সেৱা পুনৰ আৰম্ভ হয়।

আজি সন্ধিয়ালৈ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক অতুল বৰা গুৱাহাটীৰ আহি ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ সংঘটিত অগ্নিকাণ্ডৰ বুজ লৈ এলেকাটো পৰিদৰ্শন কৰাৰ লগতে এনে এটি ঘটনাৰ দুখ প্ৰকাশ কৰে আৰু স্বত্বাধিকাৰৰ নিয়মমাফিক ক্ষতিপূৰণ দিয়া হ’ব বুলি জনায়। লগতে নগৰৰ সোঁমাজতে ইমান সংখ্যক ফটকা আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত কৰাক লৈ তদন্ত হ’ব বুলিও সাংবাদিকৰ আগত জানিবলৈ দিয়ে।

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: fireBokakhat
Share6Tweet4Send

Related Posts

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস
Assam

Bhupen Hazarika birth anniversary : জন্ম জয়ন্তীত সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ, ভূপেন হাজৰিকা সংগ্ৰহালয়ৰ শিলান্যাস

by News Desk
September 8, 2026
52
Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
Assam

Bhupen Hazarika birth centenary : জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

by News Desk
September 8, 2026
52
Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন
Assam

Nagaon Bye Poll : ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচন, তিনি ৰাজ্যতো হ’ব উপ-নিৰ্বাচন

by News Desk
September 8, 2026
52
হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন
Assam

হাইলাকান্দিত বিচ্ছিন্ন ৰে’লপথ : মিজোৰামৰ সৈতে ৰে’ল যোগাযোগ স্বাভাৱিক হ’বলৈ লাগিব পাৰে ৭–১২ দিন

by News Desk
September 8, 2026
51
Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল
Assam

Assam Cabinet : সোমবাৰৰ কেবিনেট বৈঠকত কি কি সিদ্ধান্ত গ্ৰহণ কৰা হ’ল

by News Desk
September 7, 2026
51
জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান
Assam

জ্যেষ্ঠ ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে CM Vigilanceৰ অভিযান

by News Desk
September 7, 2026
50
ADVERTISEMENT
PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক
National-International

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
51
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি
Guwahati

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
52
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ
National-International

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026
51
Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা
National-International

Manipur Artist killed : দিল্লীত ঘৰৰ সন্মুখতে মণিপুৰী সঙ্গীত শিল্পীক প্ৰহাৰ কৰি হত্যা

September 8, 2026
52
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

PM Modi : প্ৰধানমন্ত্ৰী মোদীৰ অনুষ্ঠানত অথন্তৰ, আগমনৰ পূৰ্বে বন্দুকসহ আটক দুই ভুৱা বিষয়াক

September 8, 2026
Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

Ranoj Pegu : মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ দিন সলনি

September 8, 2026
Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

Bullet Train : অহা বছৰ উঠিব পাৰিব বুলেট ট্ৰেইনত, কামৰ অগ্ৰগতি ঘোষণা ৰে’ল মন্ত্ৰীৰ

September 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d