
নেপালৰ ভয়ংকৰ বানত (Nepal floods) ভাৰতৰ হাজাৰোধিক লোক সন্ধানহীন (Missing peoples) হৈ আছে। ইয়াৰ ভিতৰত অসমৰো কেইবাজনো লোক আছে। আনহাতে, বানৰ পিছত নেপালত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে যদিও এতিয়াও বহু লোক সন্ধানহীন হৈ আছে। তাৰ মাজতে নেপালত কামৰ সন্ধানত যোৱা অসমৰ ৮ শ্ৰমিক নিৰাপদে উভতি আহিছে। তেওঁলোক সোমবাৰে পুৱা ধুবুৰীত উপস্থিত হয়।
আনহাতে, নগাঁও, নলবাৰী আৰু কাৰ্বি আংলঙৰ ৫ গৰাকী শ্ৰমিকৰ এতিয়ালৈকে কোনো সন্ধান পোৱা হোৱা নাই। দেওবাৰে নিশা নেপাল সীমান্তৰ পৰা ৮ জন শ্ৰমিকক উদ্ধাৰ কৰে ধুবুৰী জিলা আৰক্ষী তথা প্ৰশাসনে। তাৰ পিছত তেওঁলোকক সোমবাৰে পুৱা ধুবুৰীলৈ লৈ অহা হয়। এই শ্ৰমিককেইজন হৈছে পংকজ বৰ্মন, গোপাল চান্দ দেৱনাথ, গৌতম দাস, সমৰ বেজবৰুৱা, চাৰ্ভিছন মাৰাক, চানেৰেশ্বৰ নাৰ্জাৰী, ছিলভা মাৰাক আৰু ইলিপছন চাংমা। আটাইকেইজনে পুৱাতেই তেওঁলোকৰ নিজ নিজ ঘৰলৈ ৰাওনা হয়। উল্লেখ্য যে অসমৰ বিভিন্ন প্ৰান্তৰ ১৩ জন শ্ৰমিকে নেপালৰ এটা পাৱাৰ গ্ৰীড কোম্পানীত কাম কৰি।

কিন্তু হঠাৎ অহা বানত ভয়াৱহ দুৰ্যোগ আহে। তাৰ মাজতেই তেওঁলোকে কিবা প্ৰকাৰে কাৰখানাৰ পৰা ওলাই পাহাৰৰ ওপৰত উঠি প্ৰাণৰক্ষা কৰে। ইয়াৰ পিছত নেপালৰ উদ্ধাৰকাৰী বাহিনীয়ে তেওঁলোকক উদ্ধাৰ কৰে। স্বগৃহত সুকলমে উপস্থিত হোৱাৰ পিছত ডবকাৰ গৌতম দাস নামৰ শ্ৰমিকজনে জনোৱা মতে, তেওঁলোক তিনিদিন ধৰি পাহাৰৰ ওপৰত আছিল। তাৰ পিছত উদ্ধাৰকাৰী দলে হেলিকপ্টাৰেৰে তেওঁলোকক উদ্ধাৰ কৰি কাঠমাণ্ডুলৈ লৈ যায়।
তাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোগাযোগ কৰি তেওঁলোকক বিমানযোগে কাকৰভিঠা সিমান্তলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে আৰু তাৰ পৰা ধুবুৰী আৰক্ষী অধীক্ষকৰ নেতৃত্বত আৰক্ষী প্ৰশাসনৰ দলে তেওঁলোকক ধুবুৰীলৈ লৈ আহে। অৱশ্যে তেওঁলোকে একেলগে কাম কৰি থকা ১৩ জনৰ ভিতৰত ৫ জনৰ কোনো সন্ধান পোৱা নাই বুলি উল্লেখ কৰে। তেওঁ লগতে জনোৱা মতে, দুদিন ধৰি তেওঁলোকে পাহাৰৰ ওপৰত ভোকে-লঘোণে আছিল। পিছত অৱশ্যে সেনাই তেওঁলোকৰ উপস্থিতি জানিব পাৰে হেলিকপ্টাৰেৰে খাদ্য যোগান ধৰে।













