
নেপালত সংঘটিত ভয়ংকৰ বানত (Nepal floods) অসমৰ পৰা (From Assam) বৰ্তমান ১২ জন লোক (12 people) সন্ধানহীন (Missing) হৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা জনাইছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে কাৰ্বি আংলঙৰ লাংহিনৰ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰী সন্ধানহীন হৈ থকাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল৷ ইয়াৰ পিছত শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে লাভ কৰা ১২ জন সন্ধানহীন লোকৰ তালিকা সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে।
সন্ধানহীন ১২ জন লোক হৈছে :
ঋতুপৰ্ণ ব্ৰহ্ম, মন্ত্ৰী বসুমতাৰী, সোণেশ্বৰ নাৰ্জাৰী : লাংহিন, কাৰ্বি আংলং
ৰাহুল দৈমাৰী : জয়পুখুৰী, গোলাঘাট
শতদল নাথ : ডবকা, জিলা: হোজাই
পংকজ নৌগ : ৰুক্মিণীগাঁও, গুৱাহাটী
পংকজ বৰ্মন, অৰুণ মহন্ত, সমৰ বেজবৰুৱা : আৰাৰা, নলবাৰী
ডাঃ দীপালী সৰকাৰ, মানস কুমাৰ ঘোষ : লংকেশ্বৰ, গুৱাহাটী
ডাঃ তীৰ্থ চলিহা : ঘগ্ৰাপাৰ, নলবাৰী
আনহাতে, নেপালত সন্ধানহীন হৈ থকা লোকসকলৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত লিখিছে, “নেপালত আকস্মিকভাৱে সৃষ্টি হোৱা ভয়াৱহ বান পৰিস্থিতিৰ মাজত আবদ্ধ হৈ পৰা অসমৰ নাগৰিকসকলৰ সুৰক্ষা আৰু কল্যাণৰ প্ৰতি আমি সম্পূৰ্ণৰূপে উদ্বিগ্ন আৰু তেওঁলোকৰ নিৰাপত্তাৰ বাবে আমি সচেতন। এই কঠিন সময়ত তেওঁলোকক প্ৰয়োজনীয় সহায় তথা সেৱা আৰু সুৰক্ষা নিশ্চিত কৰিবলৈ নতুন দিল্লীস্থিত অসম ভৱনৰ জৰিয়তে ২৪ ঘণ্টাই কাৰ্যক্ষম হেল্পলাইন সেৱা মুকলি কৰা হৈছে। জৰুৰীকালীন সাহায্য, তথ্য বা যিকোনো সহযোগিতাৰ প্ৰয়োজন হ’লে সংলগ্ন নথিত উল্লেখ কৰা নম্বৰসমূহত যোগাযোগ কৰিবলৈ আহ্বান জনালোঁ।”













